/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-12/919597a1-8ee1-41e9-8092-19ad9ad5b79c/govt_family.jpg)
ডিজিটেল সংবাদ, বান্দৰদেৱা : দৰিদ্ৰতাত পিষ্টপ্ৰায় এজন ব্যক্তি। ব্যক্তিজনৰ ঘৰখন দেখিলে সহজেই অনুমান কৰিব পাৰি দৰিদ্ৰতা আৰু চৰকাৰী প্ৰৱঞ্চনাৰ বলি হ'লে কি পৰিৱেশ আৰু পৰিস্থিতিত মানুহ জীয়াই থাকিব লগাত পৰে। মানুহজনৰ নাম বীৰছা ছৱাচি। ঘৰ লখিমপুৰ জিলাৰ ভোলাবৰী পঞ্চায়তৰ অন্তৰ্গত শংকৰপুৰত। পত্নীহীন মানুহজন বাস কৰে দুই পুত্ৰসহ এখন টিনৰ চালিৰ তলত। জৰাজীৰ্ণ বাঁহৰ বেৰ চাৰিখনৰ মাজত এটা কোঠাৰ মাজতেই পৰিয়ালটোৱে কটাই আহিছে এক দূৰ্বিসহ জীৱন। বীৰছা ছৱাচিয়ে আজিপৰ্যন্ত চৰকাৰী ঘৰ এটাতো দূৰৈৰ কথা একো এটা চৰকাৰী আঁচনিৰ মুখ দেখিবলৈ সক্ষম হোৱা নাই। জন্মস্থান দ'লহাট নামৰ ঠাইখন এৰি বিগত তিনি বছৰে শংকৰপুৰত বসবাস কৰি থকাৰ পিছতো ভুমিহীন বীৰছাই লাভ কৰা নাই ভোলাবৰী পঞ্চায়তৰো কিঞ্চিত অনুগ্ৰহ।
অসুখীয়া সৰু পুত্ৰক কোলাত লৈ চিকিৎসাৰ বাবেও হাঁহাকাৰ কৰি থকা বীৰছাই এদিন হাজিৰা কৰিব নোৱাৰিলেই চৰুৰ জুই নজ্বলে। পৰিতাপৰ কথা যে বীৰছাৰ ঘৰত নাই বিজুলি বাতিৰ সংযোগ নাই বিনামূলীয়া চাউলৰ চৰকাৰী যোগান। যি সময়ত দেশৰ দৰিদ্ৰ জনতাৰ বাবে চৰকাৰে নানা আঁচনি গ্ৰহণ কৰি একো একোখন ঘৰ পোহৰোৱাৰ ফুলজাৰি মাৰি আহিছে তেনে সময়ত বীৰছা ছৱাচিয়েই উন্মোচন কৰি দিছে ৰাজ্যৰ দৰিদ্ৰ জনতাৰ উন্নয়নৰ জীয়া ছবিখন।
আনৰ ভূমিত চালি এখনৰ তলত ভোক আৰু দৰিদ্ৰতাৰ সৈতে সহবাস কৰি অহা বীৰছা ছৱাচিৰ ঘৰ আৰু জীৱন দেখি জনপ্ৰতিনিধিটো দূৰৈৰ কথা কোনোবা হৃদয়বান লোকে এধানিমান অনুকম্পাৰ হাত আগবঢ়ালেও কিঞ্চিত হলেও উপকৃত হব। পঞ্চায়তৰ পৰা বিধায়কলৈকে অথবা বিধায়কৰ পৰা চৰকাৰলৈকে নিৰ্বাচনে প্ৰতি ভোটদান কৰি অহা বীৰছা এতিয়া আশাহত। সন্মুখত এটা অনিশ্চয়তা আৰু অন্ধকাৰেৰে ভৰা ভৱিষ্যত লৈ এতিয়া যেন কেৱল কন্দাৰ বাহিৰে একোৱেই নাই বীৰছাৰ।
আৰু পঢ়ক : দিল্লীৰ পৰা কেম্প হেব্ৰনলৈ উভতিল থুইংগালেং মুইভাৰ নেতৃত্বৰ এন এছ চি এন আই এমৰ আলোচনাকাৰী দল