/asomiyapratidin/media/media_files/2025/05/29/xpfxC2XsqnbyXyBsIHF4.jpg)
মৰিগাঁৱত ভুৱা আই পি এছ বিষয়াক গ্ৰেপ্তাৰ
ডিজিটেল ডেস্ক : এইবাৰ ভুৱা আই পি এছ বিষয়াৰ ভেশ ধৰি আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হ’ল মৰিগাঁৱৰ এজন যুৱক। বৃহস্পতিবাৰে ধৰমতুল আৰক্ষীয়ে আঁহতগুৰিৰ পৰা গ্ৰেপ্তাৰ কৰে ডিম্পু দাস নামৰ ভুৱা আই পি এছ বিষয়াগৰাকীক। ধৃত ডিম্পু দাসৰ ঘৰ ধৰমতুল আৰক্ষী থানাৰ অন্তৰ্গত ভোলুকাগুৰিত।
আৰক্ষীৰ ভাষ্য অনুসৰি ডিম্পু দাসে নিজকে আই পি এছ বিষয়া তথা দিল্লী আৰক্ষীৰ ডি চি পি বুলি দাবী কৰিছিল। তাৰোপৰি তেওঁ নিজকে আই পি এছ বিষয়া বুলি চিনাকি দি মৰিগাঁও জিলাৰ কেইবাজনো জ্যেষ্ঠ আৰক্ষী বিষয়াৰ সৈতে ফোনযোগে যোগাযোগ কৰিছিল। কেৱল ইমানে নহয়, মৰিগাঁও জিলাৰ আৰক্ষী বিষয়াসকলক বিভিন্ন কাম- কাজসমূহ ততালিকে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছিল যুৱকজনে।
প্ৰণিধানযোগ্য যে, ধৃত ডিম্পুৰ ওপৰত সন্দেহ ওপজা মৰিগাঁও আৰক্ষীয়ে বহু দিনৰ পৰাই প্ৰকৃত সত্য পোহৰলৈ অনাৰ বাবে অভিযান চলাই আছিল। অৱশেষত বৃহস্পতিবাৰে আৰক্ষীয়ে চলোৱা অভিযানত ওলাই পৰে জোলোঙাৰ মেকুৰী।
ধৃত ডিম্পুই ভাড়াঘৰৰ মালিককো জনাইছিল যে, তেওঁ এজন আৰক্ষী বিষয়া। কিন্তু মালিকে তেওঁৰ কথাত পতিয়ন যোৱা নাছিল আৰু আৰক্ষীক অভিযোগ দিছিল ডিম্পুৰ বিৰুদ্ধে। আৰক্ষীয়ে এই অভিযোগৰ ভিত্তিতে ভাড়াঘৰত অভিযান চলাই ডিম্পু দাসক গ্ৰেপ্তাৰ কৰে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us