চিৰাঙত "এ" ডিভিচন ফুটবল লীগৰ সামৰণি

চিৰাং জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কাজলগাঁওস্থিত শালঝোৰা খেল পথাৰত ২১সংখ্যক চাৰণ্ঠাই নাৰ্জাৰী  "এ" ডিভিচন ফুটবল লীগৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰেই এই বেলিও ৭ জুনৰ পৰা অনুষ্ঠিত হোৱা খেলখনত মুঠ ৩২টা ক্লাৱে অংশগ্ৰহণ কৰে।

author-image
Asomiya Pratidin
New Update
370

ডিজিটেল সংবাদ, চিৰাং : চিৰাং জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত কাজলগাঁওস্থিত শালঝোৰা খেল পথাৰত ২১সংখ্যক চাৰণ্ঠাই নাৰ্জাৰী  "এ" ডিভিচন ফুটবল লীগৰ চূড়ান্ত খেলখন অনুষ্ঠিত হয়। প্ৰতি বছৰৰ দৰেই এই বেলিও ৭ জুনৰ পৰা অনুষ্ঠিত হোৱা খেলখনত মুঠ ৩২টা ক্লাৱে অংশগ্ৰহণ কৰে।

Advertisment

সুদীৰ্ঘ এমাহ ধৰি চলা খেলখনৰ বৃহস্পতিবাৰে চূড়ান্ত খেলখন আইডিয়া চিদলী আৰু ৰংজালী ক্লাৱ শান্তিপুৰৰ মাজত অনুষ্ঠিত হয়। খেলখন গল শূন্যভাৱে সমাপ্ত হোৱাত পিছত টাইব্ৰেকাৰৰ সহায়ত আইডিয়া চিদলীয়ে ৩-২ গলৰ ব্যৱধানত ৰংজালী ক্লাৱক পৰাস্ত কৰি বিজয়ৰ খিতাপ অৰ্জন কৰে।

খেলৰ শ্ৰেষ্ঠ খেলৈৱৰ সন্মান হিচাপে এখন ট্ৰফীৰ সৈতে নগদ ১৫০০/- টকা অৰ্জন কৰে বুনজাই বসুমতাৰীয়ে। সৰ্বাধিক গল স্ক'ৰাৰ সন্মান হিচাপে এখন ট্ৰফীৰ সৈতে নগদ ১৫০০/- টকা বিৰহাং মুছাহাৰীয়ে অৰ্জন কৰিবলৈ সক্ষম হয়।

বিজয়ী দলক ট্ৰফীৰ সৈতে নগদ ১৫,০০০/-  টকা প্ৰদান কৰা হয় আৰু বিজিত দলক ট্ৰফীৰ সৈতে নগদ ১০,০০০/- টকা প্ৰদান কৰা হয়।  চূড়ান্ত খেলত মুখ্য অতিথি হিচাপে উপস্থিত থাকে কোকৰাঝাৰ লোক সভাৰ সাংসদ তথা চিৰাং জিৰা ক্ৰীড়া সন্থাৰ সভাপতি জয়ন্ত বসুমতাৰীয়ে।

খেলখন পৰিচালোনা কৰে ৰেফাৰী হিচাপে হাবিৱ ওৱাৰী। তেওঁক লাইনত সহায় কৰে থোমাছ বসুমতাৰী, ৰাজেশ টুডু আৰু চতুৰ্থ ৰেফাৰী হিচাপে থাকে নৌজৌৰ বসুমতাৰীয়ে।

chirang ফুটবল