Advertisment

ইম্ফলত অস্ত্ৰ সমৰ্পণৰ এদিনৰ পিছতে কুকিয়ে চলালে গুলীচালনা...

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় ৯:৪৫ বজাত এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি ওচৰৰ পাহাৰৰ শিখৰৰ পৰা সন্দেহযুক্ত কুকি ...

author-image
Asomiya Pratidin
New Update
ইম্ফলত অস্ত্ৰ সমৰ্পণৰ এদিনৰ পিছতে কুকিয়ে চলালে গুলীচালনা

ইম্ফলত অস্ত্ৰ সমৰ্পণৰ এদিনৰ পিছতে কুকিয়ে চলালে গুলীচালনা

ডিজিটেল সংবাদ, বেকাজান : মণিপুৰৰ মেইটেই জনগোষ্ঠীৰ আৰামবাই টেংগোল আৰু গাঁও প্ৰতিৰক্ষা বাহিনীয়ে বৃহস্পতিবাৰে বৃহৎ অস্ত্ৰ-শস্ত্ৰৰ ভাণ্ডাৰ চৰকাৰক আত্মসমৰ্পণ কৰাৰ পাছতে শুকুৰবাৰে ইম্ফল ইষ্টৰ ছাগোলমাং থানাৰ অন্তৰ্গত কংবা মাৰু লাইফামত পৰম্পৰাগত নোংমা পানবা অনুষ্ঠানৰ ভক্তৰ দলৰ ওপৰত কুকি উগ্ৰপন্থীয়ে চলোৱা আক্ৰমণে মণিপুৰত পুনৰ উত্তেজনা বৃদ্ধি কৰিছে।  

Advertisment

প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা প্ৰায় ৯:৪৫ বজাত এই ভয়ংকৰ আক্ৰমণৰ ঘটনা সংঘটিত হয় । প্ৰত্যক্ষদৰ্শীৰ তথ্য অনুসৰি ওচৰৰ পাহাৰৰ শিখৰৰ পৰা সন্দেহযুক্ত কুকি উগ্ৰপন্থীয়ে গুলীচালনা কৰি চন্দ্ৰ মাহৰ লামতাৰ প্ৰথম দিনটো পালন কৰা পবিত্ৰ উৎসৱত ব্যাঘাত জন্মাবলৈ চেষ্টা কৰে।  

মণিপুৰ আৰক্ষী আৰু কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীয়ে কুকি উগ্ৰপন্থীলৈ উভতাই গুলী চালনা কৰি প্ৰত্যুত্তৰ দিয়াৰ লগতে ইউনাইটেড পিপলছ ফ্ৰণ্টৰ সৈতে জড়িত উগ্ৰপন্থী গোট কুকি নেশ্যনেল ফ্ৰণ্ট (কে এন এফ-পি)ৰ চাৰিজন সশস্ত্ৰ কেডাৰক গ্ৰেপ্তাৰ কৰে। ধৃত কুকি উগ্ৰপন্থীৰ কেইজন হৈছে কাংপকপি জিলাৰ কাংচুপৰ ফাইজোল গাঁৱৰ ছেইখোহাও কিপগেনৰ পুত্ৰ লুংগুচেম কিপগেন (২৯);  এবেনেইজাৰ গাঁৱৰ লেটমিনলাল কিপগেন (২৫);  লেটমাং টুবয়ৰ পুত্ৰ সাতমিনলুন টুবয় (২৪);  আৰু লুৱাংছাংগোল গাঁৱৰ সোণখোথাং কিলঙৰ পুত্ৰ থাংগৌলুন কিলং (২৭)।

manipur