/asomiyapratidin/media/media_files/2025/06/14/FkEByITlzsHtDjYFIHKa.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : কেৱল ঢকুৱাখনাৰে নহয়, সমগ্ৰ ৰাজ্যখনৰ শৈক্ষিক ক্ষেত্ৰখনক কঁপাই যোৱা এক মৰ্মান্তিক আত্মহত্যাৰ ঘটনা । আচলতে আত্মহত্যা নহয় ! এক অপৰাধী মানসিকতা সম্পন্ন অশুভচক্ৰৰ পৰিকল্পিত হত্যা বুলি ব্যাপক ৰাজহুৱা অভিযোগ উত্থাপিত হোৱাই নহয় মৃতকৰ দুৰ্ভগীয়া পত্নীয়েও এই কথা প্রকাশ্যে ব্যক্ত কৰিছিল । উল্লেখ্য যে, ২০২৪ চনৰ ২৭ ডিচেম্বৰৰ পুৱাবেলা ঢকুৱাখনাত সংঘটিত হৈছিল এই মৰ্মান্তিক ঘটনা ।
শংকৰদেৱ শিশু নিকেতন ঢকুৱাখনাৰ অন্যতম প্ৰতিষ্ঠাপক, প্ৰধানাচাৰ্য, ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ এগৰাকী জ্যেষ্ঠ সেৱক বনমালী সূতে আত্মহনন কৰিছিল ঢকুৱাখনা সদৰ থানাৰ অন্তৰ্গত ঘাহি গাঁৱৰ নিজা বাসভৱনত । প্ৰাথমিক অৱস্থাত এয়া এক আত্মহননৰ ঘটনা বুলি ঠাৱৰ কৰা হৈছিল ।
পিছে ঘটনা সংঘটিত হোৱাৰ এঘণ্টাৰ পাছতেই বাস্তৱত সেয়া অমূলক প্ৰমাণিত হৈছিল । এক অশুভ চক্ৰৰ এক পৰিকল্পিত চক্ৰান্ত আৰু মানসিক নিৰ্যাতনৰ ব’ব নোৱাৰা বোজা আৰু জীৱনচৰ্যাত লগা কালিমাৰ বাবেই আত্মহননৰ দৰে চূড়ান্ত পথ ল’বলৈ প্ৰধানাচাৰ্যগৰাকী বাধ্য হোৱা বুলি প্ৰামানিক তথ্য পোহৰলৈ আহিছিল ।
পৰৱৰ্তী সময়ত মৃতকৰ পত্নীয়ে এই ঘটনাৰ সৈতে প্ৰত্যক্ষভাৱে জড়িত ১৮ গৰাকীৰ নাম সন্নিৱিষ্ট কৰি ঢকুৱাখনা সদৰ থানাত গোচৰ ৰুজু কৰিছিল । পঞ্জীয়ন হৈছিল গোচৰ নং- ১১৪/২৪ ৰ ভাৰতীয় ন্যায় সংহিতাৰ ১০৮/৩(৫)ধাৰাৰ অধীনত ।
দুৰ্ভগীয়া এজাহাৰকাৰী প্ৰাগজ্যোতিস্মৃতা চুতীয়াই এজাহাৰত নাম উল্লেখ কৰিছিল ক্ৰমে মূল অভিযুক্ত হিচাপে যোগেশ বৰুৱা, প্রিয়ৰাম ফুকন, নৱ কোঁৱৰ, প্ৰফুল শৰ্মা, ৰবীন দত্ত, কামাখ্যা ভৰালী, হিৰণ্য বৰগোঁহাই, তৰুণ চেতিয়া, মৃদুল চুতীয়া, কুমুদ বৰুৱা ,পুতুল শৰ্মা, জিন্টু গগৈ, প্ৰণৱ বৰপাত্ৰ গোঁহাই , বিষ্ণু চেতিয়া, অচ্যুত সূত , মঞ্জু গগৈ ,সৰুজ কুমাৰী গগৈ , নৱনিতা গগৈ আদিৰ ।
এই ঘটনাৰ সতে জড়িতসকলক তাৎক্ষণিকভাৱে গ্ৰেপ্তাৰ কৰি আইনগত শাস্তি বিহাৰ দাবীত ঢকুৱাখনাৰ স্বাভাবিক পৰিবেশ উত্তাল কৰি ব্যাপক ৰাজহুৱা প্ৰতিবাদ সাব্যস্ত হৈছিল । পৰৱৰ্তী সময়ত ঢকুৱাখনা সদৰ থানাৰ অ’চি প্ৰিয়ব্রত গগৈ , ঘটনাৰ তদন্তকাৰী বিষয়া, উপ পৰিদৰ্শক কৃষ্ণ বাহাদুৰ ছেত্ৰীৰ নেতৃত্বত মুঠ ৩ গৰাকী নাম অভিযুক্তক গ্ৰেপ্তাৰ কৰি লখিমপুৰ জিলাৰ ন্যায়িক হাজোতলৈ প্ৰেৰণ কৰিছিল । পাছৰ পৰ্য্যায়ত ৬ গৰাকীৰ নাম অভিযুক্তই আদালতৰ পৰা অন্তৱৰ্তীকালীন জামিন লৈছিল ।
বিগত প্ৰায় ৫ মাহৰ এক দীঘলীয়া তদন্তৰ অন্তত যোৱা ২৬মে'ত তদন্তকাৰী আৰক্ষী বিষয়া ছেত্ৰীয়ে এই ঘটনাৰ "অন্তৱৰ্তীকালীন চার্জশ্বিট" দাখিল কৰিলে ঢকুৱাখনা মহকুমা ন্যায়িক দণ্ডাধীশ (প্ৰথম শ্ৰেণী) ৰ আদালতত । তদন্তকাৰী আৰক্ষী বিষয়া ছেত্ৰীয়ে ন্যায়িক দণ্ডাধীশৰ আদালতত পঞ্জীভূত জি আৰ গোচৰ নং ১৫৯/২০২৪ পি আৰ চি ৪৭/২০২৫ ৰ অধীনত মুঠ ২১ পৃষ্ঠাৰ এক বিস্তৃত প্ৰতিবেদন দাখিল কৰিছে ।
ঘটনাস্থলীৰ স্কেটছ মেপ , ৭ খন জব্দ তালিকা ( ছিজাৰ লিষ্ট) , ৬ খন বেইল বণ্ড , এখন মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন, এখন কাৰ্যবাহী দণ্ডাধীশৰ চুৰতশাল (ইনকুৱেষ্ট) প্ৰতিবেদন আৰু সাক্ষীৰ জবানবন্দীও আদালতত দাখিল কৰা চার্জছীটত সন্নিবিষ্ট কৰিছে। উল্লেখযোগ্য যে ঢকুৱাখনাৰ শৈক্ষিক জগতৰ এগৰাকী সমুজ্জল নক্ষত্ৰ স্বৰূপ, অতি নিৰ্জু ,স্বল্পভাষী, বিনয়ী শিক্ষাগুৰু, যোগ সাধক বনমালী সূতৰ আত্মহত্যাৰ ঘটনাৰ তদন্তৰ সময়ত তদন্তকাৰী আৰক্ষী বিষয়া ছেত্ৰীয়ে মুঠ ৫৩ গৰাকী সাক্ষীব্যক্তিৰ সাক্ষ্য গ্ৰহণ কৰি আদালতত দাখিল কৰা অন্তৱৰ্তীকালীন চার্জছীটত সন্নিবিষ্ট কৰিছে।
তদন্তকাৰী বিষয়াই আদালতত দাখিল কৰা চার্জশ্বিটত নাম অন্তৰ্ভুক্ত হৈছে ক্ৰমে যোগেশ বৰুৱা ,প্রিয়ৰাম ফুকন, নৱ কুমাৰ কোঁৱৰ, কামাখ্যা ভৰালী, সৰুজ কুমাৰী গগৈ , মঞ্জু গগৈ, নৱনিতা গগৈ আদিৰ নাম । তথ্য মতে আৰক্ষীয়ে দাখিল কৰিব লগা চূড়ান্ত চার্জশ্বিটত আৰু অধিক অভিযুক্তৰ নাম অন্তৰ্ভুক্ত হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে ।
সংগৃহীত খবৰ অনুসৰি অতি শীঘ্ৰেই এই ৰাজ্য কঁপোৱা প্ৰধানাচাৰ্য আত্মহননৰ গোচৰৰ চূড়ান্ত চার্জশ্বিট আদালতত দাখিল কৰিব তদন্তকাৰী আৰক্ষী বিষয়াগৰাকীয়ে। মাত্ৰ তদন্তৰ বিবেচনাধীন কিছু প্ৰক্ৰিয়াৰ বিধিগত অনুমতিজনিত কাৰকৰ বাবে সামান্য অসম্পূৰ্ণ হৈ থকা বুলি জানিব পৰা গৈছে ।
আদালতৰ সন্মতি আৰু অনুমতি সাপেক্ষে খুব কম দিনৰ ভিতৰতে এই ৰাজ্য জোকাৰি যোৱা মৰ্মান্তিক ঘটনাৰ পূৰ্ণাংগ আৰু চূড়ান্ত চার্জশ্বিট আদালতত দাখিল হোৱাটো খাটাং । এতিয়া প্ৰশ্ন হৈছে কিমান পৰিশুদ্ধ ৰূপত প্ৰামাণিক তথ্য প্ৰমাণৰ ওপৰত ভিত্তি কৰি আৰক্ষীৰ অভিযোগনামা দাখিল কৰা হৈছে ?
আইনী সুৰুঙাৰে এনেবোৰ অভিযুক্ত পক্ষ নিৰাপদে বাছি যাব নেকি? ইয়াৰ বাবে অপেক্ষা কৰিব লাগিব । ইপিনে স্বামীহীনা দুৰ্ভগীয়া প্ৰাগজ্যোতিস্মৃতা চুতীয়াই ন্যায় পালিকাৰ ওপৰত সম্পূৰ্ণ আস্থা বিশ্বাস আছে বুলি কৈ প্ৰকৃত অপৰাধীয়ে দৃষ্টান্ত মূলকশাস্তি পোৱাটো কামনা কৰে ।