/asomiyapratidin/media/media_files/2025/06/08/XSPvdNh8wpPavxeQjKpr.jpg)
ডিজিটেল সংবাদ,জামুগুৰিহাট : জামুগুৰিহাটৰ অভিযাত্ৰী কলা কেন্দ্ৰত যোৱা ১জুনত অনুষ্ঠিত হৈ যোৱা এখন ৰাজহুৱা সভাত অংশগ্ৰহন কৰি দৰং মহাবিদ্যালয়ৰ অৱসৰী অধ্যাপক গহন চন্দ্ৰ মহন্তই জামুগুৰিহাটৰ সামাজিক, সাংস্কৃতিক, সাহিত্য ক্ষেত্ৰখনক তুচ্চ- তাচ্ছিল্য কৰি বিৰূপ মন্তব্য কৰাকলৈ জাঙুৰ খাই উঠিছে জামুগুৰিবাসী ৰাইজ ও বিভিন্ন সংগঠন ৷
অৱসৰী অধ্যাপক গহন চন্দ্ৰ মহন্তৰ এনে বিৰূপ মন্তব্যৰ বিৰুদ্ধে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি জামুগুৰিহাটৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানে যোৱা ৪জুনত অনুষ্ঠিত কৰা এক সংবাদমেলৰ জৰিয়তে বিৰূপ মন্তব্যকাৰী গহন চন্দ্ৰ মহন্তক ২৪ ঘণ্টা সময় বান্ধি দি ক্ষমা খোজাৰ দাৱী তুলিছিল যদিও মহন্তই নিৰ্দ্দিষ্ট সময় উকলি যোৱাৰ পিছতো ক্ষমা নোখোজাত দেওবাৰে জামুগুৰিহাটৰ কুৰিৰো অধিক অনুষ্ঠান প্ৰতিষ্ঠানে জামুগুৰি আৰক্ষী থানাত গহন চন্দ্ৰ মহন্তৰ গ্ৰেপ্তাৰৰ দাৱী জনাই এজাহাৰ দাখিল কৰে ৷
অনুষ্ঠান প্ৰতিষ্ঠান সমুহৰ বিষয়ববীয়াসকলে গহন চন্দ্ৰ মহন্তক গ্ৰেপ্তাৰৰ দাৱীত জামুগুৰি আৰক্ষী থানাত ধৰ্ণা কাৰ্যসূচীও ৰূপায়ন কৰে l