/asomiyapratidin/media/media_files/2025/03/12/cCP2Vr6QNzvH1MW7mirM.png)
বৰাকৰ পৰা গঢ়ি উঠিছে বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰ
ডিজিটেল সংবাদ, শিলচৰ : উজনি আৰু উত্তৰ অসমৰ লগতে এইবাৰ বৰাক উপত্যকাতো সক্ৰিয় হৈ পৰিছে নাৰী সৰবৰাহকাৰী চক্ৰ। এই বৃহৎ চক্ৰটোৰ তত্বাৱধানতে পৰিচালিত হয় নাৰী সৰবৰাহৰ এখন বিশাল বজাৰ। উজনি, উত্তৰ অসম আৰু বৰাক উপত্যকাৰ চাহ বাগিচা অঞ্চলৰ দুখীয়া মহিলা আৰু নাবালিকাসকলক বহিঃৰাজ্যত কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি ৰাজস্থান, হায়দৰাবাদ, দিল্লী আদি ৰাজ্যত বিক্ৰী কৰে এই বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰটোৱে।
সম্প্ৰতি কাছাৰ আৰক্ষীয়ে ৰাজস্থানৰ পৰা দুজনী আৰু গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা এজনীসহ বৰাকৰ তিনিগৰাকী নাবালিকাক উদ্ধাৰ কৰাৰ পিচতে পোহৰলৈ আহিছে নাৰী সৰবৰাহৰ এই ভয়ংকৰ তথ্য। এই বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰটোৱে বিক্ৰী কৰা কাছাৰৰ গুমৰা চাহ বাগিচা আৰু শ্ৰীভূমি জিলাৰ আদমটিলা বাগিছাৰ দুগৰাকী নাবালিকাক মঙ্গলবাৰে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
/asomiyapratidin/media/media_files/2025/03/12/0f1HDxODPR1qf3dwuq3A.jpg)
এইখিনিতে এটা কথা উল্লেখ কৰিব পাৰি যে ইয়াৰ পূৰ্বে গুৱাহাটী ৰে’ল ষ্টেচনৰ পৰা উদ্ধাৰ কৰা হৈছিল কালাইন গুমৰাগ চাহ বাগিচাৰ আন এগৰাকী নাবালিকাক। এই নাবালিকাগৰাকীয়ে দিয়া তথ্যৰ ভিত্তিত অভিযান চলাই আৰক্ষীয়ে ৰাজস্থানৰ পৰা উদ্ধাৰ কৰে আন দুজনী নাবালিকাক।
উল্লেখযোগ্য যে সমগ্ৰ ঘটনাৰ বিস্তৃত তথ্য দাঙি ধৰি গুমৰা চাহ বাগিচাৰ এগৰাকী শ্ৰমিকে কয় যে, কিছুদিন পুৰ্বে গুমৰা চাহ বাগিচাৰ পৰা দুজনী নাবালিকাক কৰ্ম সংস্থাপন দিয়াৰ প্ৰলোভন দি স্থানীয় গংগা গঞ্জু নামৰ মহিলাগৰাকীয়ে তেওঁ লোকক বাগিচাৰ পৰা লৈ যায়। পিছত কালাইন বজাৰৰ দাস উপাধিধাৰী এগৰাকী মহিলাৰ চাহ দোকানত ৰাখে দুই নাবালিকাক।
ইয়াৰ পৰাই দুয়োজনীক বহিঃ ৰাজ্যলৈ লৈ যায়। এই ঘটনা পোহৰলৈ অহাৰ পিছত নাবালিকাৰ পৰিয়ালে স্থানীয় চাহ শ্ৰমিক নেতাৰ জৰিয়তে বিষয়টো বৰাক চাহ শ্ৰমিক ইউনিয়নৰ সচিব ৰাজদ্বীপ গোৱালা আৰু অধ্যক্ষ তথা শ্ৰীভূমিৰ সাংসদ কৃপানাথ মালাক অৱগত কৰে।
তেওঁলোকে লগে লগে বিষয়টো কাছাৰৰ আৰক্ষী অধীক্ষক নোমাল মাহাত্তাক অৱগত কৰে। এই সংক্ৰান্তত নাবালিকা দুজনীৰ পৰিয়ালে কালাইন থানাত এটা গোচৰো ৰুজু কৰে। এই গোচৰৰ ভিত্তিত আৰক্ষীয়ে অভিযান চলাই ৰাজস্থানৰ পৰা নাবালিকা দুজনীক উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।
উল্লেখযোগ্য যে বিষয়টো গুৰুত্বসহকাৰে লৈ কাছাৰ আৰক্ষীয়ে অতি কম সময়ৰ ভিতৰত নাবালিকা দুজনীক উদ্ধাৰ কৰা বাবে আৰক্ষী অধীক্ষক নোমাল মাহাত্তা আৰু অভিযানৰ নেতৃত্ব দিয়া মহিলা উপ পৰিদৰ্শক মহেশ্বৰী দাসসহ আৰক্ষী দলটোক ধন্যবাদ জ্ঞাপন কৰে। লগতে এই বৃহৎ চক্ৰটোক গ্ৰেপ্তাৰ কৰিবলৈ আৰক্ষীক আবেদন জনাই নাবালিকাৰ পৰিয়াল আৰু চাহ শ্ৰমিকসকলে।
ইফালে এই সমগ্ৰ ঘটনাৰ তদন্ত চলাই কাছাৰ আৰক্ষীয়ে ৰাজস্থানৰ পৰা নাবালিকা দুজনীক উদ্ধাৰ কৰাৰ লগতে কালাইনৰ গুমৰা চাহ বাগিচাৰ নাবালিকাগৰাকীক বিয়া কৰোৱা ৰাজস্থানৰ ৬০ বছৰীয়া লীলাৰাম নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি শিলচৰ লৈ আহে আৰক্ষীয়ে। এই বৃহৎ নাৰী সৰবৰাহকাৰী চক্ৰটোৰ মূল পাণ্ডা বৰাক উপত্যকাৰ।
তেওঁলোকৰ সৈতে উজনি আৰু উত্তৰ অসমৰ এটা বৃহৎ চক্ৰ জড়িত আছে। নাৰী সৰবৰাহকাৰী চক্ৰটোৰ বৰাকৰ কিংপিন দুজনক ইতিমধ্যে আৰক্ষীয়ে চিনাক্ত কৰিছে যদিও বৰ্তমান তেওঁলোক পলাতক বুলি জানিবলৈ দিয়ে আৰক্ষী অধীক্ষক নোমাল মাহাত্তাই।