লটুমাৰী ৰাণীপুখুৰী গাঁৱত মটৰ চাইকেল চুৰি

নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লটুমাৰী ৰাণীপুখুৰী গাঁৱত সোমবাৰে নিশা সংঘটিত চুৰি কাণ্ডই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে

author-image
Asomiya Pratidin
New Update
AP FOR WEBike

ডিজিটেল সংবাদ ,নগাঁও : নগাঁও জিলাৰ কচুৱা থানাৰ অন্তৰ্গত লটুমাৰী ৰাণীপুখুৰী গাঁৱত সোমবাৰে নিশা সংঘটিত চুৰি কাণ্ডই অঞ্চল জুৰি তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে গাঁৱখনৰ চামছুল বাহাৰ আৰু ইমৰান হুছেইন নামৰ দুগৰাকী যুৱকৰ দুখন পালচাৰ বাইক নিজ বাসগৃহৰ পৰা চোৰে চুৰি কৰি লৈ যায়।

Advertisment

এই সম্পূৰ্ণ ঘটনাৰ সমগ্ৰ দৃশ্য চি চি টি ভি কেমেৰাত বন্দী হৈছে। উপায়হীন দুই যুৱকে কচুৱা থানাত এজাহাৰ দাখিল কৰাৰ লগে লগে আৰক্ষীয়ে চিচিটিভি ফুটেজ সংগ্ৰহ কৰি তদন্ত আৰম্ভ কৰা বুলি জানিব পৰা গৈছে।

উল্লেখযোগ্য যে, চুৰি হোৱা মটৰ চাইকেল দুখনৰ নম্বৰ AS-02-AD-4576 আৰু AS-31-A-5337।  

Assam police nagaon