জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়ালৈ 'মুক্তি যোদ্ধা ডুম্বি কামান সোঁৱৰণি সাংবাদিকতা বঁটা'

গোলাঘাট জিলাৰ বোকাখাত সমজিলাৰ অন্তৰ্গত কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই ২০১৮ চনৰ পৰা গোলাঘাট জিলা ভিত্তিত প্ৰদান কৰি অহা মুক্তিযোদ্ধা ডুম্বি কামান সোঁৱৰণি সাংবাদিকতা বঁটা ২০২৫ বৰ্ষৰ প্ৰাপকৰ নাম শনিবাৰে ঘোষণা কৰিছে

author-image
Asomiya Pratidin
New Update
AP FOR WEB mantu sailia

ডিজিটেল সংবাদ, কমাৰগাঁও : গোলাঘাট জিলাৰ বোকাখাত সমজিলাৰ অন্তৰ্গত কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই ২০১৮ চনৰ পৰা গোলাঘাট জিলা ভিত্তিত প্ৰদান কৰি অহা মুক্তিযোদ্ধা ডুম্বি কামান সোঁৱৰণি সাংবাদিকতা বঁটা ২০২৫ বৰ্ষৰ প্ৰাপকৰ নাম শনিবাৰে ঘোষণা কৰিছে। সংস্থাৰ নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি এই বছৰ বঁটাটি ফৰকাটিং নিবাসী জ্যেষ্ঠ সাংবাদিক, ʼআমাৰ অসমʼ কাকতৰ সহকাৰী সম্পাদক, লেখক, সাংস্কৃতিক কৰ্মী  মণ্টু শইকীয়ালৈ আগবঢ়োৱা হৈছে ।

অহা ২৫ ছেপ্টেম্বৰত মুক্তি যোদ্ধা ডুম্বি কামানৰ মৃত্যু তিথিৰ দিনা এক অনুষ্ঠানত বঁটাটি জ্যেষ্ঠ সাংবাদিক মণ্টু শইকীয়াক প্ৰদান কৰা হ'ব বুলি কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই এক বিবৃতিযোগে প্ৰকাশ কৰিছে। ইফালে কমাৰগাঁও আঞ্চলিক সাংবাদিক সংস্থাই প্ৰদান কৰি অহা সাহিত্যিক মহেন্দ্ৰ নাথ হাজৰিকা সোঁৱৰণী সাহিত্য বঁটা নিৰ্বাচনী সমিতিৰ সিদ্ধান্ত অনুসৰি এই বছৰ কমাৰগাঁৱৰ বিশিষ্টা লেখক,অৱসৰ প্ৰাপ্ত শিক্ষয়িত্ৰী লোকদা হাজৰিকাক প্ৰদানৰ বাবে নিৰ্বাচিত কৰা হৈছে।

এই বঁটাটিও অহা ২৫ ছেপ্টেম্বৰত প্ৰদান কৰা হ'ব। উক্ত দিনাই গোলাঘাট জিলাৰ কেইবাগৰাকীও সাংবাদিকক বিশেষ সন্মান প্ৰদান কৰিব বুলিও বিবৃতিটোত সংস্থাই সদৰী কৰিছে।

গোলাঘাট