মীমাংসাৰ যোগ্য গোচৰ নিস্পত্তিৰ বাবে অনুষ্ঠিত হ'ব ৯০ দিনীয়া প্ৰচাৰ অভিযান

ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ (National Legal Services Authority) আৰু মধ্যস্থাতা আৰু মীমাংসা প্ৰকল্প কমিটিৰ সৌজন্যত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে হাটশিঙিমাৰীত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত এক সংবাদমেল অনুষ্ঠিত কৰে

author-image
Asomiya Pratidin
New Update
309

ডিজিটেল সংবাদ, দক্ষিণ শালমাৰা : আদালতত চলি থকা মীমাংসাৰ যোগ্য গোচৰসমূহ  নিস্পত্তিৰ বাবে ৰাজ্যৰ জিলাই জিলাই ৯০ দিনীয়া প্ৰচাৰ অভিযান চলোৱা হ'ব। এই সন্দৰ্ভত ৰাষ্ট্ৰীয় আইনী সেৱা কৰ্তৃপক্ষ (National Legal Services Authority) আৰু মধ্যস্থাতা আৰু মীমাংসা প্ৰকল্প কমিটিৰ সৌজন্যত মহামান্য উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশত শুকুৰবাৰে হাটশিঙিমাৰীত জিলা আইন সেৱা প্ৰাধিকাৰীয়ে জিলা সত্ৰ আৰু ন্যায়াধীশ আদালতত এক সংবাদমেল অনুষ্ঠিত কৰে।

Advertisment

জিলা সত্ৰ ন্যায়াধীশ সঞ্জয় হাজৰিকা, জিলা আইন সেৱা প্ৰাধিকাৰীৰ সচিব জয়ন্ত কুমাৰ শইকীয়াৰ লগতে হাটশিঙিমাৰী উকীল সন্থাৰ সভাপতি ৰেজাউল কৰিম সম্পাদক লুতফৰ ৰহমান আৰু প্ৰশিক্ষণপ্ৰাপ্ত জ্যেষ্ঠ অধিবক্তাসকলৰ উপস্থিতত সংবাদমেলখন অনুষ্ঠিত কৰা হয়। সংবাদমেলৰ পূৰ্বে অধিবক্তা আৰু জিলা আইন সেৱা প্ৰাধিকাৰীৰ মাজত এক গুৰুত্বপূৰ্ণ আলোচনা সভা অনুষ্ঠিত কৰা হয়।

লক্ষ্যণীয় যে, বৈবাহিক বিবাদৰ গোচৰ, দুৰ্ঘটনা দাবীৰ গোচৰ, ঘৰুৱা হিংসাৰ গোচৰ, চেক বাউঞ্চৰ গোচৰ, বাণিজ্য বিবাদৰ গোচৰ, সেৱা বিষয়ৰ গোচৰ, অপৰাধমূলক সংযুক্ত গোচৰ, গ্ৰাহকৰ বিবাদ গোচৰ, ঋণ আদায়ৰ গোচৰ, বিভাজৰ গোচৰ, উচ্ছেদৰ গোচৰ, ভূমি অধিগ্ৰহণৰ গোচৰৰ লগতে মীমাংসাৰ যোগ্য সকলো গোচৰ নিস্পত্তি কৰাৰ বাবে চলিত মাহৰ পৰাই ৯০ দিনীয়া প্ৰচাৰ অভিযান চলোৱা হ'ব। জিলা সত্ৰ ন্যায়াধীশ সঞ্জয় হাজৰিকা আৰু হাটশিঙিমাৰী উকীল সন্থাৰ সভাপতি ৰেজাউল কৰিমে প্ৰচাৰ অভিযানৰ বিষয়টো সংবাদমেলযোগে অৱগত কৰে।

দুই এদিনৰ ভিতৰত অভিযানৰ সময়সূচী জিলা আইন সেৱা প্ৰাধিকাৰীৰ পৰা নিৰ্ধাৰণ কৰা হ'ব বুলি জানিবলৈ দিয়ে সংবাদমেলযোগে ।

hatsingimari