/asomiyapratidin/media/media_files/2025/07/05/321-2025-07-05-17-12-48.jpg)
ডিজিটেল সংবাদ, ঢকুৱাখনা : অতি বিস্ময়কৰ আৰু অবিশ্বাস্য যেন লাগিলেও বাস্তৱ সত্য । লখিমপুৰ জিলাৰ এগৰাকী প্ৰায় ১২৫ বছৰীয়া মহিলা পঞ্চায়ত প্ৰতিনিধি নিৰ্বাচিত হৈছে ।
লখিমপুৰ জিলা পৰিষদৰ অন্তৰ্গত বগীনদী উন্নয়ন খণ্ডৰ অধীনৰ ৮ নং ৱাৰ্ডৰ ৱাৰ্ড সদস্য হিচাপে এইগৰাকী শতায়ু গৰকা মহিলা নিৰ্বাচিত হৈছে বগীনদীত । জিলাবাসীক স্তম্ভিত আৰু হতচকিত কৰি তোলা এইগৰাকী সৌভাগ্যবান মহিলাৰ নাম ধন মায়া গুৰুং ।
ঘৰ বগীনদী আৰক্ষী থানাৰ অন্তৰ্গত দীৰ্ঘা নাহৰবাৰী গাঁৱত । বগীনদী আঞ্চলিক পঞ্চায়তৰ কাৰ্যালয়ত সোমবাৰে শপত গ্ৰহণ অনুষ্ঠানৰ পূৰ্বে পোহৰলৈ অহা এই আশ্চৰ্যজনক খবৰে প্ৰবল উৎকণ্ঠাৰ সূত্ৰপাত ঘটাইছে ।
সংগৃহীত তথ্য মতে এইগৰাকী ভাৰতীয় জনতা পাৰ্টিৰ সমৰ্থিত প্ৰাৰ্থীয়ে শপত নামাত চিয়াজুলি পঞ্চায়তৰ ৮ নং ৱাৰ্ডৰ পৰা মনোনয়ন পত্ৰ দাখিলৰ সময়ত দাখিল কৰিছিল শিক্ষাগত অৰ্হতাৰ প্ৰত্যায়িত প্ৰমাণ পত্ৰ। য'ত দাখিল কৰিছিল নৱম শ্ৰেণী উত্তীৰ্ণৰ প্ৰমাণপত্ৰ ।
ঢকুৱাখনা সমজিলাৰ বাম বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা শিক্ষা গ্ৰহণ আৰু উত্তীৰ্ণৰ প্ৰমাণপত্ৰত জন্ম গ্ৰহণৰ চন দিয়া হৈছে ১৯০০ । ২০১৩ চনৰ ২৬ মাৰ্চত বিদ্যালয়খনত নৱম শ্ৰেণী উত্তীৰ্ণৰ লগতে দশম শ্ৰেণীত শিক্ষা গ্ৰহণ কৰি "এৰিব নোৱাৰা কাৰণত ঘৰ পৰিৱৰ্তন"ৰ বাবে বিদ্যালয় ত্যাগ কৰাৰ তথ্য সন্নিবিষ্ট কৰি গুৰুংয়ে এই প্ৰমাণ পত্ৰ দাখিল কৰিছিল মনোনয়ন পত্ৰ দাখিলৰ সময়ত ।
গুৰুংয়ে বিদ্যালয়ত নাম ভৰ্তিৰ সময়ৰ বিদ্যালয়ৰ উপস্থিত পঞ্জীয়ন বহীৰ তথ্যৰ ভিত্তিত এই জন্ম গ্ৰহণৰ তাৰিখ, চনৰ পৰিপ্ৰেক্ষিততে এই প্ৰমাণ পত্ৰ দিয়া বুলি উল্লেখ থকাৰ এক ভয়ানক তথ্য পোহৰলৈ আহিছে । প্ৰমাণপত্ৰত প্ৰধান শিক্ষকৰ অনুসন্ধান কালত উন্মোচিত এই অবিশ্বাসযোগ্য 'সত্য'কলৈ ব্যাপক চৰ্চা আৰম্ভ হৈছে ।
প্ৰাপ্ত তথ্য মতে বাঘমৰা উচ্চ মাধ্যমিক বিদ্যালয়ৰ সম্প্ৰতি প্ৰধান শিক্ষক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে তুলন পেগুৱে । কিন্তু উক্ত বিশেষ প্ৰমাণ পত্ৰত স্বাক্ষৰ আছে আৰ বি দলে নামৰ প্ৰধান শিক্ষকৰ ছীল আৰু স্বাক্ষৰ ।
এই সন্দৰ্ভত বৰ্তমানৰ প্ৰধানশিক্ষক গৰাকীক অৱগত কৰাত তেওঁ প্রকাশ্যে নাকচ কৰি কয় তেওঁৰ কাৰ্যকালত এনে হোৱা নাই । লগতে এই গৰাকী শতবর্ষ অতিক্ৰম কৰা ছাত্ৰীৰ নাম বিদ্যালয়ৰ কোনো নথি পত্ৰত উল্লেখ নাই বুলিও জনায় ।
প্ৰায় ৪ মাহ মানৰ পূৰ্বেহে প্ৰধান শিক্ষকৰ কাৰ্যভাৰ গ্ৰহণ কৰা বুলি প্ৰধান শিক্ষক পেগুৱে জনায় । সদ্য অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক ৰাজেশ বিকাশ দলেৰ কাৰ্যকালৰ এই প্ৰমাণ পত্ৰ প্ৰদান কৰাতো নিশ্চিত হোৱাই নহয় এক ভয়ংকৰ জালিয়াতি আৰু অনিয়ম সংঘটিত হোৱাটো স্পষ্ট হৈ পৰিছে ।
এই সন্দৰ্ভত বহুবাৰ অৱসৰ গ্ৰহণ কৰা তদানীন্তন প্ৰধান শিক্ষকগৰাকীক বাৰম্বাৰ যোগাযোগৰ প্ৰচেষ্টা চলোৱাৰ পাছতো কোনো ধৰণৰ সদুত্তৰ পোৱা নগ'ল । বিষয়টোৰ পৰা পলায়ন কৰাৰ চেষ্টাত ব্ৰতী হোৱাৰ ধাৰণা কৰা হ'ল । তাৎপৰ্যপূৰ্ণ বিষয় হ'ল- এইগৰাকী প্ৰধান শিক্ষকৰ কাৰ্যকালতে প্ৰদান কৰা ভুৱা, জালিয়াতি পূৰ্ণ ,বিসংগতিপূৰ্ণ প্ৰমাণ পত্ৰ লৈ এইগৰাকী মহিলাই পঞ্চায়ত নিৰ্বাচনত অৱতীৰ্ণ হোৱাই নহয়, নিৰ্বাচনী বিষয়াকো ভুল পথে পৰিচালনা আৰু প্ৰতাৰণা কৰি অন্য এক অপৰাধ সংঘটিত কৰিলে । অৱশ্যে তদানীন্তন প্ৰধান শিক্ষক দলেয়ে প্ৰমাণ পত্ৰত তেওঁৰ স্বাক্ষৰ নহয় বুলি দাবী কৰিছে।
উল্লেখযোগ্য যে, যিসময়ত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শপত নামাত দিয়া ভুল তথ্যৰ বাবে ৰাজ্যখনৰ বিভিন্ন স্থানৰ পঞ্চায়ত প্ৰতিনিধি গ্ৰেপ্তাৰ কৰাৰ সকীয়নী দিছিল, সেই সময়তে লখিমপুৰ জিলাৰ বগীনদী উন্নয়নখণ্ডত পোহৰলৈ অহা এই ভয়ঙ্কৰ জালিয়াতিৰ পাছতো লখিমপুৰ জিলা প্ৰশাসন নিচ্ছুপ হৈ থকা কাণ্ডই মুখ্যমন্ত্ৰীৰ ঘোষণাক পদপিষ্ট কৰা বুলি ব্যাপক চৰ্চা আৰম্ভ হৈছে ।
উল্লেখযোগ্য যে এইগৰাকী নিৰ্বাচিত শতবর্ষ অতিক্ৰম কৰা প্ৰতিনিধিয়েও সোমবাৰে গাঁও পঞ্চায়তৰ নিৰ্বাচিত প্ৰতিনিধি হিচাপে শপত গ্ৰহণ কৰিব । নিৰ্বাচিত কৰিব পঞ্চায়ত সভাপতিক । গঠন হ'ব এখন নিকা ভাবমূৰ্তিৰ গাঁও পঞ্চায়ত সমিতি ।
এই স্পৰ্শকাতৰ বিষয় সন্দৰ্ভত লখিমপুৰ জিলা প্ৰশাসনে উচ্চ পৰ্য্যায়ৰ তদন্ত কৰাৰ দাবী উত্থাপন হৈছে । য'ত প্ৰকৃত সত্য পোহৰলৈ আহিব ।