/asomiyapratidin/media/media_files/2024/12/19/edIxUibdlL42NP9HhH3w.jpg)
ডিজিটেল ডেস্কঃ ভাৰতত ব্যৱহাৰ হৈ থকা প্ৰায় ৯৯ শতাংশ মোবাইল হেণ্ডছেট ঘৰুৱাভাৱে নিৰ্মিত বুলি বুধবাৰে সংসদত অৱগত কৰে ইলেক্ট্ৰনিকছ আৰু তথ্য প্ৰযুক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী জিতিন প্ৰসাদে।
যোৱা দশকত ভাৰতত ঘৰুৱা ইলেক্ট্ৰনিকছৰ উৎপাদন বহুগুণ বৃদ্ধি পাইছে ।২০১৪-১৫ বিত্তীয় বৰ্ষৰ ১,৯০,৩৬৬ কোটি টকাৰ পৰা ২০২৩-২৪ বিত্তীয় বৰ্ষত ৯,৫২,০০০ কোটি টকালৈ বৃদ্ধি পাইছে আৰু ইয়াৰ চক্রবৃদ্ধি বাৰ্ষিক বৃদ্ধিৰ হাৰ ১৭ শতাংশতকৈ অধিক হৈছে বুলি তেওঁ উল্লেখ কৰিছিল ।
ভাৰত এতিয়া এনে এটা পৰ্যায়ত উপনীত হৈছে য'ত ভাৰতত ব্যৱহৃত ৯৯.২ শতাংশ মোবাইল হেণ্ডছেট ঘৰুৱাভাৱে নিৰ্মিত। ২০১৪-১৫ বিত্তীয় বৰ্ষত মোবাইল ভাৰতে মোবাইল আমদানিকাৰী দেশৰ পৰা বৰ্তমান উন্নীত হৈ ৰপ্তানিকৃত দেশলৈ পৰিণত হৈছে। তেতিয়া ভাৰতত বিক্ৰী হোৱা প্ৰায় ৭৪ শতাংশ মোবাইল হেণ্ডছেটৰ আমদানি কৰা হৈছিল বুলিও মন্ত্ৰীগৰাকীয়ে উল্লে কৰে ।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us