/asomiyapratidin/media/media_files/2025/03/11/kW3IMbkYZpDVwx2m3iuZ.jpg)
ডিজিটেল ডেস্কঃ অসম সাহিত্য সভা অধিক জনমুখী স্বচ্ছ কৰি তুলিবলৈ নৱ নিৰ্বাচিত সাহিত্য সভাৰ সভাপতি ড০ বসন্ত কুমাৰ গোস্ৱামীয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। শেহতীয়াকৈ সাহিত্য সভাৰ যোৰহাটৰ ৰাধাকান্ত সন্দিকৈ ভৱনত অনুষ্ঠিত হৈছিল সভাৰ প্ৰথমখন কাৰ্যনিৰ্বাহ।
এই কাৰ্যনিৰ্বাহকতে লোৱা হৈছে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত। নাৰায়ণপুৰ অধিৱেশনত গৃহীত হোৱা সভাৰ সংশোধিত সংবিধানখন সভাই পুনৰ সংশোধন কৰিবৰ বাবে এই কাৰ্যনিৰ্বাহকৰ প্ৰস্তাৱ লোৱা হয়। সেই অনুসৰি বৰ্তমানৰ সংবিধানখন প্ৰায় ৯৮ শতাংশ সংশোধিত কৰা হ'ব বুলি জানিব পৰা গৈছে।
উল্লেখযোগ্য যে, নাৰায়ণপুৰ অধিৱেশনত প্ৰতিনিধি সভাত অনুমোদন কৰাৰ পূৰ্বে সভাৰ এজন বিষয়ববীয়াই এই সংবিধায়নখন ছপা কৰাৰ অভিযোগ উত্থাপন হৈছে। এই বিষয়ত যোৰহাটৰ প্ৰথম কাৰ্যনিৰ্বাহকত উদ্বেগ ব্যক্ত কৰা লগতে নীতিগতভাৱে সংবিধানখন সংশোধনৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিবলৈ কাৰ্যনিৰ্বাহকে প্ৰধান সম্পাদক দেৱজিত বৰাক দায়িত্ব অৰ্পন কৰা হয়।
সেই অনুসৰি জুন-জুলাইত সংবিধানখনৰ সংশোধন প্ৰক্ৰিয়া সম্পন্ন কৰি চলিত বছৰত আগষ্টৰ ভিতৰত উক্ত সংবিধান গ্ৰহণ কৰা হ'ব বুলিও সভাই সিদ্ধান্ত গ্ৰহণ কৰে। সভাপতি নিৰ্বাচন প্ৰক্ৰিয়া, আৰ্থিক লেন-দেন, সভাৰ আজীৱন সদস্য ভৰ্তি প্ৰক্ৰিয়া আদি বিষয় সমূহ বাস্তৱ সন্মত কৰি তুলিবলৈ সংশোধিত সংবিধানত নতুন চিন্তা-চৰ্চা কৰা হ'ব।
প্ৰতিজন সভাৰ বিষয়ববীয়াই নূন্যতম ১০০ জন লোকক সভাৰ সক্ৰিয় সদস্য ভৰ্তি কৰিলেহে তেওঁক সভাৰ সৈতে সক্ৰিয় হৈ থকাৰ সুযোগ লাভ কৰিব। আনহাতে ভূৱা শাখা সমূহ নাইকীয়া কৰিবলৈ সাহিত্য সভা শাখা সমূহৰ এখন পৰিচয়মূলক গ্ৰন্থ প্ৰকাশ কৰিবলৈও কাৰ্যনিৰ্বাহকত সিদ্ধান্ত লোৱা হয়।
সাহিত্য সভাৰ ভিতৰচ'ৰাত সংঘটিত বিত্তীয় অনিয়ম প্ৰতিৰোধৰ বাবে তথ্য জনা অধিকাৰ আইনৰ অধীনত এটা কোষ স্থাপনৰো সিদ্ধান্ত লয় অসম সাহিত্য সভাই। এই কোষৰ জৰিয়তে সাধাৰণ লোকে সভাৰ সম্পৰ্কীয় তথ্য লাভ কৰিব।
শ্ৰীমন্ত শংকৰদেৱৰ ৰচনাৱলী ইংৰাজী আৰু হিন্দী সংস্কৰণত প্ৰকাশ, আন পুৰণি বহু কেইখন গ্ৰন্থৰ অনুবাদ,তৰুণ কবিৰ কবিতাৰ দ্বিতীয় খণ্ডৰ প্ৰকাশ,অসমীয়া ইউনিক'কৰ্ডৰ বিকাশৰ বাবে গোট স্থাপন, আদি বিষয়টো এই কাৰ্যনিৰ্বাহকে নতুন চিন্তা-চৰ্চা আৰম্ভ কৰিছে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us