/asomiyapratidin/media/post_attachments/asomiyapratidin/2023-10/785e5de8-02f0-464f-bbe1-72b7665f71de/suraibari_06.jpg)
চুৰাইবাড়িত ৯০০০ বটল কফ চিৰাপ জব্দ...
অসম-ত্ৰিপুৰাৰ সীমান্তৰ চুৰাইবাড়িত পুনৰ জব্দ নিচাযুক্ত কফচিৰাপ।
বৃহস্পতিবাৰে নিশা এখন ট্ৰাকৰ পৰা জব্দ কৰা হৈছে এই নিচাযুক্ত কফ চিৰাপখিনি।
জব্দ কৰা হৈছে প্ৰায় ৯০০০ বটল কফচিৰাপ।
এই কফচিৰাপখিনি লৈ ট্ৰাকখন গুৱাহাটীৰ পৰা ত্ৰিপুৰা অভিমুখে গৈছিল।
ট্ৰাকখনৰ নম্বৰ এ এছ ০১ এম চি ৮৫৮
আৰক্ষীয়ে এই সন্দৰ্ভত আটক কৰিছে দুজনক।
আটকাধীন লোক দুজনৰ নাম বাসুদেৱ দাস আৰু ৰাহুল দাস।
Also Read: নৈশ বাছৰ পৰা ৯ কোটি টকাৰ হেৰ'ইন জব্দঃ তিনিজনক আটক...