/asomiyapratidin/media/media_files/2025/04/27/GmqCZsDcjAn6QZ7P42UG.jpg)
৯০ ঘণ্টাত ৩ খন বৈঠক
ডিজিটেল ডেস্ক : পঞ্জাৱৰ ফিৰোজপুৰৰ সমীপত ভুলবশতঃ আন্তৰ্জাতিক সীমান্ত পাৰ হৈ পাকিস্তান পাইছিল বিএছএফৰ এজন জোৱান। জোৱানজনক পাকিস্তানৰ ৰেঞ্জাৰে আটক কৰি ৰখাৰ ৯০ ঘণ্টাৰো অধিক সময় পাৰ হৈ হ’ল। বিএছএফ আৰু পাকিস্তান ৰেঞ্জাৰৰ মাজত তিনিবাৰ ফ্লেগ মিটিং অনুষ্ঠিত হোৱাৰ পাছতো এতিয়াও মুকলি হোৱা নাই জোৱানজন।
ভাৰতৰ সীমা পাৰ কৰা জোৱানজনৰ নাম পূৰ্ণম কুমাৰ শ্ব’। জোৱানজন বিএছএফৰ ১৮২ নং বেটেলিয়নৰ সদস্য। বুধবাৰে সীমান্তৰ বেৰাৰ ওচৰত কৰ্তব্যৰত অৱস্থাত শ্ব’ অজানিতে পাকিস্তানৰ ভূখণ্ড পাৰ হৈ গৈছিল। সেই সময়ত তেওঁ ইউনিফৰ্ম পৰিহিত অৱস্থাত আছিল আৰু নিজৰ চাৰ্ভিচ ৰাইফল লৈ গৈছিল। বিষয়াসকলৰ মতে, শ্ব’ৱে জিৰণি ল’বলৈ ছাঁয়াময় অঞ্চলৰ ফালে আগবাঢ়ি যায়, এই সময়ছোৱাত অজানিতে তেওঁ সীমান্ত পাৰ হয় আৰু পাকিস্তান ৰেঞ্জাৰে আটক কৰে।
ততাতৈয়াকৈ বি এছ এফে তেওঁৰ মুক্তি নিশ্চিত কৰাৰ প্ৰচেষ্টা আৰম্ভ কৰে। তেওঁৰ উভতি অহাৰ বাবে পাকিস্তান ৰেঞ্জাৰসকলৰ সৈতে তিনিখন বৈঠক অনুষ্ঠিত হৈছিল যদিও পাকিস্তানে এতিয়ালৈকে তেওঁক গতাই দিবলৈ অস্বীকাৰ কৰিছে। জোৱানজনৰ অৱস্থানৰ কোনো তথ্য তেওঁলোকৰ হাতত নাই বুলি উল্লেখ কৰিছে পাকিস্তানে। ইফালে জোৱানজনক আটক কৰাৰ পিছতে ভাৰত-পাকিস্তান সীমান্তত নিয়োজিত সকলো ইউনিটক বিএছএফে উচ্চ সতৰ্কতা অৱলম্বন কৰিছে।
আনহাতে, জোৱানক ঘূৰাই অনাৰ প্ৰচেষ্টা তীব্ৰতৰ কৰিছে ভাৰতে। পাকিস্তান ৰেঞ্জাৰছৰ সৈতে পুনৰ ফিল্ড কমাণ্ডাৰ পৰ্যায়ৰ বৈঠকৰ অনুৰোধ জনাইছে বিএছএফে। অতি সোনকালে এই বৈঠক অনুষ্ঠিত হোৱাৰ সম্ভাৱনা আছে। এই ঘটনাই জোৱানৰ পৰিয়ালৰ লোকক উদ্বিগ্ন কৰি তুলিছে। পশ্চিম বংগত থকা শ্ব’ৰ পৰিয়ালে উৎকণ্ঠাৰে আপডেটৰ বাবে অপেক্ষা কৰি আছে। পিতৃয়ে পুত্ৰৰ সুৰক্ষাক লৈ উদ্বেগ প্ৰকাশ কৰি চৰকাৰক তেওঁৰ উভতি অহাটো নিশ্চিত কৰিবলৈ আহ্বান জনায়।