Advertisment

কচুৱাত ভয়ংকৰ পথ দুৰ্ঘটনা : নিহত ৯বছৰীয়া শিশু, দুজন আহত

বুধবাৰে সন্ধিয়াৰ ভাগত নগাঁও জিলাৰ কচুৱা বজাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ই-ৰিস্কা পথ দুৰ্ঘটনাতপতিত হোৱাৰ ফলত আৰিফুল ইছলামৰ নামৰ লোকজনৰ ৯বছৰীয়া পুত্ৰ ৰাজিকুল ইছলাম থিতাতে নিহত হয়। 

author-image
Asomiya Pratidin
New Update
তিতাবৰত ভূ-লুণ্ঠিত মানৱতাঃ টাইৰুণ চাহ বাগিচাত উদ্ধাৰ নৱজাতক...

ডিজিটেল সংবাদ, কামপুৰ : বুধবাৰে সন্ধিয়াৰ ভাগত নগাঁও জিলাৰ কচুৱা বজাৰত সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন ই-ৰিস্কা পথ দুৰ্ঘটনাতপতিত হোৱাৰ ফলত আৰিফুল ইছলামৰ নামৰ লোকজনৰ ৯বছৰীয়া পুত্ৰ ৰাজিকুল ইছলাম থিতাতে নিহত হয়। 

Advertisment

লগতে তেওঁৰ পিতৃও কিছু পৰিমাণে আহত হয় ৷ ইয়াৰ উপৰি আন এজন যাত্ৰী মতিবুৰ ৰহমান (২৩) গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। আহত ৰহমানক ততালিকে নগাওঁ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰা হয় যদিও সংকটজনক অৱস্থা দেখি উন্নত চিকিৎসাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে ৷ 

উল্লেখযোগ্য যে এটি  শিশু পথত দৌৰ মৰাৰ ফলত ই-ৰিস্কাখন দুৰ্ঘটনাতপতিত হয় বুলি প্ৰত্যক্ষদৰ্শীয়ে জানিব দিয়ে ৷ ইফালে ৰাঙলুবস্তিৰ ৯বছৰীয়া শিশুটিৰ অকাল বিয়োগত কচুৱাত শোকৰ ছাঁ পৰিছে ৷

Kasua road accident