মৰ্মান্তিক ঘটনা : ৯ বছৰীয়া কণমানিৰ সলিল সমাধি

কামপুৰৰ কঠীয়াতলীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কঠীয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পূবকাৱৈমাৰী গাঁৱৰ এগৰাকী ৯ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ পুখুৰীত পৰি মৃত্যু মুখত পৰে।

author-image
Asomiya Pratidin
New Update
সলিল সমাধি

সলিল সমাধি

ডিজিটেল সংবাদ, কামপুৰ: কামপুৰৰ কঠীয়াতলীত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা। কঠীয়াতলী আৰক্ষী পহৰা চকীৰ অন্তৰ্গত পূবকাৱৈমাৰী গাঁৱৰ এগৰাকী ৯ বছৰীয়া চতুৰ্থ শ্ৰেণীৰ ছাত্ৰীৰ পুখুৰীত পৰি মৃত্যু মুখত পৰে। যাৰবাবে এতিয়া অঞ্চলজুৰি পৰিছে শোকৰ ছাঁ।

Advertisment

জানিব পৰা মতে, শিশুটিয়ে আইতাক প্ৰতিভা দাসৰ লগত ঘৰৰ পৰা কিছু আঁতৰত খেতি পথাৰলৈ গৈ কাষতে থকা এটা পুখুৰীত পৰি মৃত্যু হয়। অলপ সময়ৰ বাবে আইতাক আতৰি থকাৰ সময়তে ঘটনাটো সংঘটিত হৈছিল। আইতাকে বহু সময় বিছাৰি নাপায় খেতি কৰা ঠাইত থকা পুখুৰীৰ কাষলৈ গৈ চেণ্ডেল যোৰ পাই পানীত পৰা বুলি সন্দেহ কৰি পুখুৰীত নামি মৃতদেহ উদ্ধাৰ কৰে। কঠীয়াতলী আৰক্ষীক ঘটনা সম্পৰ্কে জনোৱাত পূবকাৱৈমাৰী গাঁৱৰ ঘৰলৈ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও মেডিকেল কলেজ হাস্পতাললৈ নিয়াৰ ব্যৱস্থা কৰে। কন্যা শিশুটিৰ এনে কৰুণ মৃত্যুত গাঁওখনৰ সকলোৱে দুখ প্ৰকাশ কৰিছে।

কামপুৰ