কিউ এছ ৰেংকিং: শীৰ্ষ ৫০ ত ৯ খন ভাৰতীয় বিশ্ববিদ্যালয়ৰ স্থান লাভ

৭৯খন ভাৰতীয় প্ৰতিষ্ঠানক বিশ্বৰ শীৰ্ষ ৫৫০খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান দিছে, যিটো যোৱা বছৰৰ ৬৯খন বিশ্ববিদ্যালয়ৰ তুলনাত বৃদ্ধি পাইছে। যোৱা বছৰৰ তুলনাত ১০খন প্ৰতিষ্ঠান বৃদ্ধিৰে মুঠ ২৫.৭% হৈছে। 

author-image
Asomiya Pratidin
New Update
sf

ডিজিটেল ডেস্কঃ   বুধবাৰে প্ৰকাশ পোৱা Quacquarelli Symonds বিষয়-নিৰ্দিষ্ট ৰেংকিঙৰ শেহতীয়া তথ্য অনুসৰি ৯ খন ভাৰতীয় প্ৰতিষ্ঠানক বিশ্বৰ শীৰ্ষ ৫০ খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান দিয়া হৈছে। এই ৰেংকিঙত কলা আৰু মানৱীয়, অভিযান্ত্ৰিক আৰু প্ৰযুক্তি, জীৱন বিজ্ঞান আৰু চিকিৎসা, প্ৰাকৃতিক বিজ্ঞান,সমাজ বিজ্ঞান আৰু পৰিচালনাৰ দৰে পাঁচটা বহল শাখাত ৫৫টা বিষয় সামৰি লোৱা হৈছে।

Advertisment

ইয়াৰ উপৰিও ৭৯খন ভাৰতীয় প্ৰতিষ্ঠানক বিশ্বৰ শীৰ্ষ ৫৫০খন বিশ্ববিদ্যালয়ৰ ভিতৰত স্থান দিছে, যিটো যোৱা বছৰৰ ৬৯খন বিশ্ববিদ্যালয়ৰ তুলনাত বৃদ্ধি পাইছে। যোৱা বছৰৰ তুলনাত ১০খন প্ৰতিষ্ঠান বৃদ্ধিৰে মুঠ ২৫.৭% হৈছে। 

প্ৰতিবেদনত প্ৰকাশ পোৱা অনুসৰি, সৰ্বোচ্চ ৰেংকিং লাভ কৰিছে আই আই টি (আই এছ এম), ধনবাদে। প্ৰতিষ্ঠানটোৱে অভিযান্ত্ৰিক-খনিজ আৰু খননত ২০ নম্বৰ লাভ কৰাৰ লগতে ১০০ৰ ভিতৰত মুঠ ৭৪.৭ নম্বৰ লাভেৰে ৪১ নং স্থান দখল কৰিছে।

উল্লেখ্য যে, অভিযান্ত্ৰিক-খনিজ আৰু খনন বিষয়ৰ ক্ষেত্ৰত ভাৰতীয় প্ৰযুক্তি প্ৰতিষ্ঠান (আই আই টি) মুম্বাই আৰু খৰগপুৰে ২৮ আৰু ৪৫ নম্বৰ স্থান লাভ কৰিছে। অৱশ্যে দুয়োটা প্ৰতিষ্ঠানৰ ৰেংকিং হ্ৰাস পোৱা দেখা গৈছে।

আই আই টি