Advertisment

বাথৌফুৰিত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আৰম্ভ বাথৌ পূজা…

কাৰ্যসূচীমৰ্মে কেন্দ্ৰীয় বাথৌ পূজা সমিতিৰ পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ ১২ খনকৈ গাঁৱৰ পতাকাও উত্তোলন কৰা হয় । অনুষ্ঠানত স্মৃতি তৰ্পণ, মন্দিৰৰ দ্বাৰ মুকলিকে ধৰি ৰূপায়ন কৰা হয় বিভিন্ন কাৰ্যসূচী ।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,বাক্সাঃ বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ অন্তৰ্গত বাথৌফুৰিত ৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আয়োজন কৰা হৈছে বাথৌ পূজা । অঞ্চলটোৰ ১২ খনকৈ গাঁৱৰ ৰাইজে কেন্দ্ৰীয়ভাৱে আয়োজন কৰা এই পূজাৰ মূল তোৰণ উন্মোচনেৰে কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হয় ।

Advertisment

কাৰ্যসূচীমৰ্মে কেন্দ্ৰীয় বাথৌ পূজা সমিতিৰ পতাকা উত্তোলন কৰাৰ সমান্তৰালকৈ ১২ খনকৈ গাঁৱৰ পতাকাও উত্তোলন কৰা হয় । অনুষ্ঠানত স্মৃতি তৰ্পণ, মন্দিৰৰ দ্বাৰ মুকলিকে ধৰি ৰূপায়ন কৰা হয় বিভিন্ন কাৰ্যসূচী ।
৯ দিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বাথৌ পূজাত বিভিন্ন সাংস্কৃতিক কাৰ্যসূচী ৰূপায়ণ হ'ব বুলি সদৰী কৰে উদযাপন সমিতিৰ বিষয়ববীয়াই ।

বাক্সা বাথৌ পূজা