অস্তিত্বহীন হোৱাৰ পথত কংগ্ৰেছ! গোৱাৰ ৯ গৰাকী বিধায়ক বিজেপিত যোগদানৰ সম্ভাৱণা…

অস্তিত্বহীন হোৱাৰ পথত কংগ্ৰেছ! গোৱাৰ ৯ গৰাকী বিধায়ক বিজেপিত যোগদানৰ সম্ভাৱণা…

author-image
asomiyapratidin
New Update
অস্তিত্বহীন হোৱাৰ পথত কংগ্ৰেছ! গোৱাৰ ৯ গৰাকী বিধায়ক বিজেপিত যোগদানৰ সম্ভাৱণা…

ডিজিটেল ডেস্ক: মহাৰাষ্ট্রৰ পিছত এইবাৰ গোৱাত ৰাজনৈতিক সংঘাত । গোৱাত ফাট মেলিব পাৰে কংগ্ৰেছৰ। গোৱাৰ কংগ্রেছ নেতৃত্বৰে সম্পৰ্ক বিচ্ছিন্ন ৯ বিধায়কৰ।

Advertisment

কংগ্ৰেছৰ একাংশ নেতাই যোগদান কৰাৰ সম্ভাৱণা আছে বিজেপিত। সূত্ৰ অনুসৰি জানিব পৰা মতে পূৰ্ব মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা দিগম্বৰ কামত সহিত প্ৰায় ৯ গৰাকী বিধা.কে দল ত্যাগ কৰি বিজেপিত যোগদান কৰাৰ সম্ভাৱণা আছে।

অৱশ্যে এই বাতৰি কংগ্ৰেছে ভুৱা বুলি কৈছে। উল্লেখ্য যে, গোৱাত কংগ্ৰেছৰ ১১ গৰাকী বিধায়ক আছে। ইয়াৰে ৯ গৰাকী বিধায়কে বিজেপিত যোগদান কৰাৰ সম্ভাৱণা আছে।

আনহাতে কংগ্ৰেছে নেতাই কয় যে বিজেপিয়ে দলটোৰ মাজত সংঘাত আনিবৰ বাবে ভুৱা বাতৰি প্ৰচাৰ কৰিছে। আজি গোৱাত কংগ্ৰেছৰ এখন বৈঠকো অনুষ্ঠিত হয়।

আৰু পঢ়ক: বকোত তিনিটাকৈ জুৱাৰীক গ্ৰেপ্তাৰ…

mla bkp congress goa