কাছাৰত ৯ টা বাৰ্মিজ গৰু উদ্ধাৰ, পৰ্বতঝোৰাত আটক গৰু চোৰ

পৰ্বতঝোৰাৰ পুনৰ আটক কৰা হৈছে গৰু চোৰক। দিনৰ পোহৰতেই গৰু চুৰি কৰি পলাই যাব লওঁতেই ৰাইজে আটক কৰে চোৰটোক। চোৰটো চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ আলিপুৰ দুৱাৰৰ সুৰজিত অধিকাৰী বুলি জানিব পৰা গৈছে।

author-image
Asomiya Pratidin
New Update
উদ্ধাৰ গৰু, আটক গৰুচোৰ

উদ্ধাৰ গৰু, আটক গৰুচোৰ

ডিজিটেল ডেস্ক: পৰ্বতঝোৰাৰ পুনৰ আটক কৰা হৈছে গৰু চোৰক। দিনৰ পোহৰতেই গৰু চুৰি কৰি পলাই যাব লওঁতেই ৰাইজে আটক কৰে চোৰটোক। চোৰটো চুবুৰীয়া ৰাজ্য পশ্চিম বংগৰ আলিপুৰ দুৱাৰৰ সুৰজিত অধিকাৰী বুলি জানিব পৰা গৈছে। ধৃত চোৰটোৰ পৰা এখন নাম্বাৰ প্লেট বিহীন মটৰ চাইকেল আৰু চুৰি কাৰ্য্যত ব্য়ৱহাৰ হোৱা সামগ্ৰী উদ্ধাৰ কৰা হৈছে। আটক হোৱা চোৰটোক ৰাইজে উত্তম মাধ্যম সুধাই কাজিগাঁও আৰক্ষী সমজাই দিয়ে।

Advertisment

ইফালে কাছাৰৰ মিজোৰাম সীমান্তত ৯ টা বাৰ্মিজ গৰু উদ্ধাৰ কৰাৰ লগতে জব্দ  কৰিছে এখন এলটো বাহন। গোপন তথ্যৰ ভিত্তিত সোমবাৰে পুৱতি নিশা বাৰ্মিজ চোৰাং গৰুৰ বিৰুদ্ধে কাছাৰ আৰক্ষীৰ  চলাইছিল এই অভিযান। মিজোৰাম সীমান্তৰ ৰাম্পুপুঞ্জিৰ জংঘল এলেকাত অভিযান চলাই গৰু কেইটা জব্দ কৰে আৰক্ষীয়ে। অৱশ্যে আন্ধাৰৰ সুযোগ লৈ ঘটনাস্থলীৰ পৰা গৰুৰ চোৰাং ব্যৱসায়ী কেইজন পলাই যাবলৈ সক্ষম হয়। আৰক্ষীৰ সন্দেহ, জব্দ কৰা গৰু কেইটা ম্যানমাৰৰ পৰা মিজোৰাম হৈ কাছাৰৰ মাজেৰে বাংলাদেশলৈ সৰবৰাহৰ পৰিকল্পনা কৰিছিল চোৰাং ব্যৱসায়ীয়ে। কিন্তু ইয়াৰ পুৰ্বেই আৰক্ষীৰ হাতত জব্দ হয় বাৰ্মিজ গৰু কেইটা।‌ জব্দ কৰা গৰু কেইটাৰ মুল্য কেইবা লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

গৰু চোৰ গৰু চুৰি গৰু সৰবৰাহ গৰু সৰবৰাাহকাৰী