/asomiyapratidin/media/media_files/2025/01/19/qieHLoemTuM7WZOqcU2f.jpg)
অচিৰেই অষ্টম দৰমহা আয়োগঃ Photograph: (অচিৰেই অষ্টম দৰমহা আয়োগঃ)
ডিজিটেল ডেস্কঃ এতিয়াৰে পৰা আই টি চেক্টৰত কাম কৰা অভিজ্ঞ কৰ্মচাৰীতকৈ অধিক টকাৰ দৰমহা পাব এগৰাকী পিয়নে। কেন্দ্ৰীয় চৰকাৰৰ অধীনস্থ এগৰাকী পিয়নৰ মাহিলী দৰমহা স্পৰ্শ কৰিব নোৱাৰিব আই টি চেক্টৰৰ লগতে ভিন্ন উচ্চ পদত কাৰ্যনিৰ্বাহ কৰা ৰাজ্যিক চৰকাৰৰ কৰ্মচাৰীয়ে।
শেহতীয়াকৈ কেন্দ্ৰীয় কেবিনেটে অনুমোদন জনোৱা অষ্টম দৰমহা আয়োগৰ পাছতে এই পৰিস্থিতিৰ সৃষ্টি হৈছে দেশত। দৰমহা গণনাৰ ক্ষেত্ৰত ফিটমেণ্ট ফেক্টৰে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ইয়ে নিৰ্ধাৰণ কৰে যে দৰমহা আৰু পেঞ্চন কিমান বৃদ্ধি হ’ব। বৰ্তমানৰ দৰমহা আয়োগৰ ফিটমেণ্ট ফেক্টৰ ২.৫৭ ৰখা হৈছে।ইয়াৰ জৰিয়তে, নিম্নতম মজুৰি ৭,০০০ টকাৰ পৰা ১৮,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল।
এতিয়া অষ্টম দৰমহা আয়োগৰ বাবে ২.৮৬ ফিটমেণ্ট ফেক্টৰ দাবী কৰা হৈছে। এই অনুসৰি, নিম্নতম মজুৰি ১৮,০০০ টকাৰ পৰা ৫১,৪৮০ টকালৈ বৃদ্ধি হ’ব পাৰে। একেদৰে নিম্নতম পেঞ্চন ৯০০০ টকাৰ পৰা ২৫,৭৪০ টকালৈ বৃদ্ধি হ’ব পাৰে। পদোন্নতি আৰু দৰমহা বৃদ্ধি হ’লে পেঞ্চনও বৃদ্ধি হ’ব পাৰে। অষ্টম দৰমহা আয়োগৰ অধীনত কেন্দ্ৰীয় কৰ্মচাৰীৰ দৰমহা ১৮৬শতাংশ বৃদ্ধি পাব।
সপ্তম দৰমহা আয়োগত ৭,০০০ টকাৰ পৰা ১৮,০০০ টকালৈ বৃদ্ধি কৰা হৈছিল কৰ্মচাৰীসকলৰ দৰমহা ।বৰ্তমান সপ্তম দৰমহা আয়োগৰ অধীনত দৰমহা লাভ কৰি আছে চৰকাৰী কৰ্মচাৰীসকলে। অষ্টম দৰমহা আয়োগ কাৰ্যকৰী হোৱাৰ লগে লগে, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধি হোৱাৰ যথেষ্ট আশা আছে। ইয়াৰ অধীনত, চৰকাৰে অৱসৰপ্ৰাপ্ত কৰ্মচাৰীসকলৰ পেঞ্চন আৰু ভাট্টা বৃদ্ধি কৰিব পাৰে।
এই সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ৰাজহুৱা কৰে যে, এয়া ২০২৬ চনৰ পৰা কাৰ্যকৰী কৰা হ’ব। অষ্টম দৰমহা আয়োগৰ অধ্যক্ষ আৰু দুজন সদস্যৰ নামো শীঘ্ৰেই ঘোষণা কৰা হ’ব। উল্লেখ কৰা প্ৰয়োজন যে, ইয়াৰ আগতে ২০১৬ চনত সপ্তম দৰমহা আয়োগ গঠন কৰা হৈছিল। ইয়াৰ কাৰ্যকাল ২০২৬ চনলৈকে আছে।