জঘন্য! ৮৭ বছৰ বয়সীয়া ৰুগীয়া মহিলাক ধৰ্ষণ পাষাণৰ…

জঘন্য! ৮৭ বছৰ বয়সীয়া ৰুগীয়া মহিলাক ধৰ্ষণ পাষাণৰ…

author-image
asomiyapratidin
New Update
ধলপুৰত ধৰ্ষণ কাণ্ডঃ  ৬০ঊৰ্ধৰ বৃদ্ধৰ কামনাৰ বলি হ’ল বিশেষভাবে সক্ষম যুৱতী…

প্ৰতীকি ফটো

ডিজিটেল ডেস্ক: দেশত বৃদ্ধি হোৱা ধৰ্ষণ কাণ্ডৰ মাজতেই দিল্লীৰ তিলক নগৰৰ পৰা এক জঘন্য ঘটনা পোহৰলৈ আহিছে। এজন পাষাণৰ কামনাৰ বলি হয় ৮৭ বছৰ বয়সীয়া এগৰাকী মহিলা।

ৰবিবাৰে সংঘটিত হয় এই ঘটনা। পিড়ীতা বৃদ্ধা গৰাকী নিজৰ ৬৫ বছৰীয়া কন্যাৰ লগত থাকে। মহিলা গৰাকীৰ এখন ভৰিয়ে কাম নকৰাৰ বাবে প্ৰায় ৭ মাহ ধৰি বিচনাতে আছে।

ঘটনাৰ বিৱৰণী অনুসৰি, ৰবিবাৰে তেওঁৰ কন্যা বাহিৰলৈ ওলাই গৈছিল। কিন্তু তেওঁ যেতিয়া ঘৰলৈ উভতি আহে দেখে যে মাতৃৰ দেহৰ পৰা তেজ ওলাই আছিল আৰু অৱস্থা গুৰুতৰ আছিল। লগে লগে কন্যাই ঘটনা সন্দৰ্ভত আৰক্ষীক খবৰ দিয়ে।

দিল্লী আৰক্ষীয়ে জনোৱা অনুসৰি প্ৰথম অৱস্থাত বৃদ্ধা মহিলা গৰাকীয়ে কৈছিল যে এজন লোকে ৰন্ধন গেছ ভাল কৰিবলৈ আহিছিল আৰু ঘৰৰ পৰা মোবাইল চুৰি কৰি লৈ গৈছিল। সেয়ে আৰক্ষীয়ে প্ৰথম অৱস্থাত চুৰিৰ ঘটনাৰ এজাহাৰ দাখিল কৰে।

কিন্তু তাৰপিছত কন্যাই অভিযোগ উত্থাপন কৰে যে তেওঁৰ মাতৃৰ লগত ধৰ্ষণ কাণ্ড সংঘটিত হৈছে। এই অভিযোগৰ পাছতেই পুনৰ আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত আৰম্ভ কৰিছে।

police delhi rape crime