/asomiyapratidin/media/media_files/2025/07/21/bvn-2025-07-21-18-01-52.jpg)
ডিজিটেল সংবাদ, মানকাচৰঃ হাৰিয়ানাৰ গুৰগাঁৱ আৰক্ষী থানাত অসমৰ বিভিন্ন ঠাইৰ পৰা যোৱা ৮৪ জন শ্ৰমিকক সন্দেহজনক বিদেশী নাগৰিক বুলি আৰক্ষীয়ে আটক কৰিছে। এই শ্ৰমিকসকলৰ ভিতৰত মানকাচৰ ৪১ জন শ্ৰমিক আছে বুলি জানিব পৰা গৈছে।
এই সন্দৰ্ভত মানকাচৰৰ প্ৰাক্তন বিধায়ক জাবেদ ইছলামে সংবাদমাধ্যমক সদৰি কৰে যে, “আটকাধীন সকলো শ্ৰমিকৰ বৈধ নথি-পত্ৰ পৰীক্ষাৰ ব্যৱস্থা মানকাচৰ জিলা আৰক্ষীয়ে ২৪ ঘণ্টাৰ ভিতৰত ল’ব বুলি প্ৰতিশ্ৰুতি দিছে। সঠিক নথিপত্ৰ পালে তেওঁলোকক ঘৰলৈ উভতি অহাৰ অনুমতি দিয়া হ’ব।”
বিধায়কগৰাকীয়ে লগতে উল্লেখ কৰে যে, মানকাচৰসহ অসমৰ বিভিন্ন অঞ্চলৰ পৰা দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়াৰ উদ্দেশ্যে হেজাৰ হেজাৰ লোক হাৰিয়ানা, পঞ্জাৱ, দিল্লী, মহাৰাষ্ট্ৰ আদি ৰাজ্যলৈ গৈ শ্ৰমিকৰূপে কঠোৰ পৰিশ্ৰম কৰি আহিছে। তেওঁ লগতে আগন্তুক দিনত বাহিৰৰ ৰাজ্যলৈ যোৱা শ্ৰমিক সকলক স্থানীয় আৰক্ষী থানাৰ পৰা পুলিচ ভেৰিফিকেচন লোৱাৰ পৰামৰ্শ প্ৰদান কৰে।