Advertisment

হাতীতকৈ সোণৰ দাম বাঢ়িল! সৰ্বকালৰ ৰেকৰ্ড ভংগ...

সোণৰ দামে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। শুকুৰবাৰৰ দিনটোত প্ৰতি ১০গ্ৰাম সোণৰ দাম হ'লগৈ ৮৩,১০০টকা। শুকুৰবাৰৰ দিনটোত প্ৰতি ১০গ্ৰাম সোণত ২০০টকা বৃদ্ধি 

author-image
Asomiya Pratidin
New Update
সোণ

সোণ Photograph: (সোণ)

ডিজিটেল ডেস্কঃ সোণৰ দামে সৰ্বকালৰ অভিলেখ ভংগ কৰিলে। শুকুৰবাৰৰ দিনটোত প্ৰতি ১০গ্ৰাম সোণৰ দাম হ'লগৈ ৮৩,১০০টকা। শুকুৰবাৰৰ দিনটোত প্ৰতি ১০গ্ৰাম সোণত ২০০টকা বৃদ্ধি পাই সৰ্বকালৰ সোণৰ মূল্যৰ ৰেকৰ্ড ভংগ কৰে।  উল্লেখ্য যে, যোৱা বৃহস্পতিবাৰে প্ৰতি ১০গ্ৰাম সোণৰ মূল্য আছিল ৮২,৯০০টকা। 

Advertisment

কেৱল সোণৰে নহয়, শুকুৰবাৰৰ দিনটোত বৃদ্ধি পালে ৰূপ দামো। প্ৰতি কেজিত ৫০০টকাকৈ বৃদ্ধি পালে ৰূপৰ মূল্যই। বৰ্তমান প্ৰতি কেজি ৰূপৰ মূল্য ৯৪হাজাৰ টকা। শেহতীয়াকৈ বিশেষজ্ঞসকলে মতপোষণ কৰিছে যে, ট্ৰাম্পৰ বাণিজ্যিক নীতি আৰু শুল্ক নীতিক লৈ আন্তৰাষ্ট্ৰীয় বজাৰত সোণ-ৰূপ এনে ব্যাপক মূল্যবৃদ্ধি হৈছে। 

কেঁচা সোণৰ শিল্পী