নলবাৰীত ৮০হাজাৰৰো অধিক গছ ৰোপণ

নলবাৰী জিলাই হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ। ‘এক পেড় মা কে নাম’ৰ অধীনত জিলাখনত এতিয়ালৈকে ৮০,০০০ৰো অধিক গছ ৰোপণ কৰা হৈছে।

author-image
Asomiya Pratidin
New Update
7

ডিজিটেল সংবাদ,নলবাৰীঃ নলবাৰী জিলাই হাতত লৈছে এক প্ৰশংসনীয় পদক্ষেপ। ‘এক পেড় মা কে নাম’ৰ অধীনত জিলাখনত এতিয়ালৈকে ৮০,০০০ৰো অধিক গছ ৰোপণ কৰা হৈছে। এই গছ ৰোপণ কাৰ্যসূচীত বিশেষকৈ ছাত্ৰ-ছাত্ৰী আৰু মহিলাৰ আত্মসহায়ক গোটসমূহৰ সক্ৰিয় অংশগ্ৰহণ দৃষ্টিগোচৰ হৈছে। গাঁও পৰ্য্যায়ৰ পৰা আৰম্ভ কৰি বিদ্যালয় আৰু সমাজ সংগঠনৰ সক্ৰিয় সহায়ত এই কাৰ্যসূচী সফল হিচাপে পৰিণত হৈছে।publive-image

Advertisment

নলবাৰী

উল্লেখযোগ্য যে, নলবাৰী জিলা খনে ২০২৪ বৰ্ষৰ অমৃত বৃক্ষ আন্দোলনতো অসমৰ ভিতৰত শীৰ্ষস্থান লাভ কৰিছিল। ‘এক পেদ মা’ৰ নামত’ পদক্ষেপৰ মূল উদ্দেশ্য হৈছে– মাকৰ সন্মানত গছ ৰোপণ কৰি জীৱন আৰু প্ৰকৃতিৰ সংহতি বজাই ৰখা। পৰিৱেশ সংৰক্ষণ আৰু জলবায়ু পৰিৱৰ্তন ৰোধত এনে ধৰণৰ উদ্যমে গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব বুলি আশা কৰা হৈছে।

নলবাৰী