Advertisment

‘যোগ্যতাসম্পন্ন প্ৰতিষ্ঠানিক প্লেচমেণ্ট’ৰ জৰিয়তে ৮০ টা কোম্পানীয়ে প্ৰথমবাৰৰ বাবে সংগ্ৰহ কৰিলে ১ ট্ৰিলিয়ন ধন

যোগ্যতাসম্পন্ন প্ৰতিষ্ঠানিক প্লেচমেণ্ট’ চমুকৈ কিউ আই পিৰ জৰিয়তে ৮০ টা কোম্পানীয়ে লাভ কৰিছে ঈৰ্ষণীয় ফলাফল। এই নীতিৰ দ্বাৰা ২০২৪ বৰ্ষত গডৰেজ আদিকে ধৰি কেইবাটাও কোম্পানীয়ে ইতিহাস ৰচিবলৈ সক্ষম হৈছে

author-image
Asomiya Pratidin
New Update
com

ডিজিটেল ডেস্ক : ‘যোগ্যতাসম্পন্ন প্ৰতিষ্ঠানিক প্লেচমেণ্ট’ চমুকৈ কিউ আই পিৰ জৰিয়তে ৮০ টা কোম্পানীয়ে লাভ কৰিছে ঈৰ্ষণীয় ফলাফল। এই নীতিৰ দ্বাৰা ২০২৪ বৰ্ষত গডৰেজ আদিকে ধৰি কেইবাটাও কোম্পানীয়ে ইতিহাস ৰচি প্ৰথমবাৰৰ বাবে ১ ট্ৰিলিয়ন টকা অতিক্ৰম কৰিবলৈ সক্ষম হৈছে বুলি সংস্থাটোৱে প্ৰকাশ কৰে।
 

Advertisment

এক প্ৰতিবেদনত সংস্থাটোৱে উল্লেখ কৰে যে দেশৰ ৩৫টা কোম্পানীয়ে ২০২৩ত সংগ্ৰহ কৰা ধন পৰিমাণ হৈছে ৩৮,২২০ কোটি টকা। তুলনামূলকভাৱে ২০২৪ত ইয়াৰ পৰিমাণ ৩গুণ বৃদ্ধি হৈ ১ ট্ৰিলিয়নৰ ঘৰ স্পৰ্শ কৰে কোম্পানীকেইটাই। উল্লেখ্য যে ২০২০ত এই নীতিৰ দ্বাৰা দেশৰ ২৫ টা কোম্পানীয়ে সংগ্ৰহ কৰা ধনৰ পৰিমাণ আছিল- ৮০,৮১৬ কোটি টকা। 

উল্লেখযোগ্য যে এই নীতি অনুসৰণ কৰি গেডৰেজকে ধৰি কেইবাটাও আগশাৰীৰ কোম্পানীয়ে ব্যাপক হাৰত ধন সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে। এই নীতিৰ দ্বাৰাই ৱকহাৰ্ড, বৰুণ বেভাৰেজ আৰু জ’মাট’ইও ১৭ হাজাৰ কোটিকৈ টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছে।

এইখিনিতে এটা কথা উল্লেখ কৰা প্ৰয়োজন যে চলিত বৰ্ষৰ অক্টোবৰত ৭৭টা কোম্পানীয়ে কিউ আই পিৰ জৰিয়তে ৯৬,৩২১ কোটি টকা সংগ্ৰহ কৰিবলৈ সক্ষম হৈছিল। কেৱল ইমানেই নহয়, ইয়াৰ পূৰ্বে ২০২০ৰ আগষ্টত মুঠ ৬টা কোম্পানীয়ে ৩৯,০৩২ কোটি টকা সংগ্ৰহ কৰিছিল। যিটো এমাহত কিউ আই পিৰ জৰিয়তে সংগ্ৰহ কৰা সৰ্বাধিক ধন বুলি প্ৰকাশিত তথ্যত উল্লেখ কৰে।

economy