ভাৰতৰ নিৰাপত্তাত প্ৰভাৱিত কৰিব পৰা ৮ টা ইউটিউব চেনেল ব্লক

ভাৰতৰ নিৰাপত্তাত প্ৰভাৱিত কৰিব পৰা ৮ টা ইউটিউব চেনেল ব্লক

ডিজিটেল ডেস্ক: তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে ভাৰতৰ নিৰাপত্তা প্ৰভাৱিত কৰা বিষয়বস্তু পোষ্ট কৰাৰ বাবে ৮ টা ইউটিউব চেনেল নিষিদ্ধ কৰে। তেওঁলোকৰ বিৰুদ্ধে ভাৰতৰ ৰাষ্ট্ৰীয় সুৰক্ষা, আইন-শৃংখলা আৰু বৈদেশিক সম্পৰ্ক প্ৰভাৱিত কৰা সামগ্ৰী পৰিৱেশন কৰাৰ অভিযোগ উত্থাপন কৰা হৈছে।

তাৰে এটা হৈছে পাকিস্তানৰ ইউটিউব চেনেল। সেই ইউটিউব চেনেলটোৰ প্ৰায় ১১৮ কোটি ভিউয়াৰচ আছিল । উল্লেখ্য যে , ২১ ডিচেম্বৰৰ পৰা বৰ্তমানলৈকে প্ৰায় ১০২ টা ইউটিউব চেনেল ব্লক কৰা হৈছে।

বাকী ৭ টা ইউটিউব চেনেল ভাৰতৰ। এই আটাইকেইটা চেনেলক ইউটিউব চেনেল আই টি আইন ২০২১ ৰ অধীনত ব্লক কৰা হয়। এই চেনেল কেইটাই ভাৰতৰ বিৰুদ্ধে বিভিন্ন বিভিন্ন আপত্তিজনক তথ্য .প্ৰচৰ কৰাৰ অভিযোগ আছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in