/asomiyapratidin/media/media_files/2025/02/23/o7ipcfjmiboGKCtM46Rq.jpg)
ডিজিটেল ডেস্কঃ তেলেংগানাৰ নগৰকুৰনুল জিলাৰ শ্ৰীশৈলাম সুৰংগ খাল প্ৰকল্পত সংঘটিত হৈছে ভয়ংকৰ দুৰ্ঘটনা। প্ৰকল্পটোৰ নিৰ্মিয়মান অংশৰ ভিতৰত আৱদ্ধ হৈ পৰিছে ৮ জনকৈ শ্ৰমিক। ১৬ ঘন্টাৰো অধিক সময় ধৰি অব্যাহত আছে উদ্ধাৰ অভিযান।
/asomiyapratidin/media/media_files/2025/02/23/qYZEjmit7Ifwk2aOAFTw.webp)
শনিবাৰে সুৰংগটোৰ চালৰ ৩ মিটাৰ অংশ ভাঙি যোৱাত ১৪ কিঃমিঃ ভিতৰতে আৱদ্ধ হৈ পৰে ৮ জনকৈ শ্ৰমিক। ৪২ জন শ্ৰমিক নিৰাপদে ওলাই আহিবলৈ সক্ষম হয় যদিও ইয়াৰে দুজন আহত হয়। আহত শ্ৰমিকক ওচৰৰ চিকিৎসালয়লৈ লৈ যোৱা হয় ৷
/asomiyapratidin/media/media_files/2025/02/23/6Pb4dfWZbb2Y5j6CECKs.webp)
এই ঘটনাৰ পাছত সম্পূৰ্ণৰূপে ভাঙি গৈছে সুৰংগটো ৷ আনকি ইয়াৰ ভিতৰ ভাগত আঁঠুলৈকে বোকা-পানীৰে ভৰি পৰিছে বুলি এজন উদ্ধাৰকাৰীয়ে জানিবলৈ দিয়ে। সুৰংগটোৰ ভিতৰত উদ্ধাৰ অভিযান চলাই থকা লোকসকলক সহায়ৰ বাবে ড্ৰ’ন ব্যৱহাৰ কৰা হৈছে।
/asomiyapratidin/media/media_files/2025/02/23/6KL400HbvhoGHday6WDH.webp)
উদ্ধাৰকাৰী দলটোৱে শ্ৰীশৈলাম বাঁওপাৰৰ খালৰ সুৰংগৰ ভাঙি পৰা অংশ পৰিদৰ্শন কৰাৰ লগতে ভিতৰলৈ সোমাবলৈও চেষ্টা কৰে। কিন্তু ধ্বংসাৱশেষৰ বাবে ভিতৰলৈ যোৱাত অসুবিধাৰ সন্মুখীন হৈছে। ইফালে সুৰংগটোত আৱদ্ধ হৈ থকা শ্ৰমিক কেইজন পঞ্জাব, জম্মু-কাশ্মীৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ বুলি জানিব পৰা গৈছে।
উল্লেখ্য যে, সুৰংগত আৱদ্ধ হৈ থকা লোকসকলৰ উদ্ধাৰ অভিযান সন্দৰ্ভত তেলেংগানাৰ মুখ্যমন্ত্ৰীৰ সৈতে ফোনযোগে কথা পাতিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। উদ্ধাৰ অভিযানৰ বাবে কেন্দ্ৰৰ পৰা সম্ভাব্য সকলো সহায়ৰ আশ্বাস দিয়ে প্ৰধানমন্ত্ৰী গৰাকীয়ে।
/asomiyapratidin/media/agency_attachments/2025/10/30/2025-10-30t082006090z-ap-newww-glm-2-2025-10-30-13-50-06.png)
Follow Us