Advertisment

দুখবৰে লগ এৰা নাই আপৰঃ গেৰুৱা বসন পিন্ধিলে আপ ত্যাগী ৮ বিধায়কে...

পদত্যাগী বিধায়ক সকলে আপ দলে দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে দলীয় আদৰ্শৰ পৰা আঁতৰি অহা বুলি নিজৰ স্থিতি স্পষ্ট কৰিছিল । 

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল ডেস্কঃ দিল্লী বিধানসভা নিৰ্বাচনলৈ মাজত আছে মাথো ৪ দিন । ক্ষমতা দখলৰ যুঁজত ব্যস্ত শাসক-বিৰোধী প্ৰতিটো ৰাজনৈতিক দল । নিৰ্বাচনক লৈ দিল্লীৰ আকাশ-বতাহ গৰম হৈ থকা সময়তে আম আদমী পাৰ্টিলৈ শুকুৰবাৰে নামি আহিছিল এক দুৰ্যোগ । পূৰ্বে আপৰ পৰা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি বিধায়ক হোৱা ৮ গৰাকীয়ে আম আম আদমী পাৰ্টিৰ পৰা পদত্যাগ কৰিছিল ।

Advertisment

বিধায়কৰ পদত্যাগে আম আদমী পাৰ্টীৰ সাংগঠিনিক ভেঁটিত বিয়োগাত্মক প্ৰভাৱ পেলোৱাৰ চৰ্চা অব্যাহত থকাৰ সময়তে আন এক খবৰে আপ দলত মোক্ষম আঘাত হানিলে ।

উল্লেখযোগ্য যে পদত্যাগী আপৰ বিধায়কসকলে শনিবাৰে পিন্ধিলে গেৰুৱা বসন ।পদত্যাগী আটাইকেইজন বিধায়কে যোগদান কৰিলে বিজেপিত । পদত্যাগী বিধায়ক সকলে আপ দলে দুৰ্নীতিৰ আশ্ৰয় লোৱা বুলি অভিযোগ উত্থাপন কৰাৰ লগতে অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে দলীয় আদৰ্শৰ পৰা আঁতৰি অহা বুলি নিজৰ স্থিতি স্পষ্ট কৰিছিল । 

শনিবাৰে ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৮ গৰাকী বিধায়ক হ’ল বন্দনা গৌৰ,ৰোহিত মেহৰৌলিয়া, গিৰীশ ছোনী ,মদন লাল, ৰাজেশ ঋষি,বি এছ জুন,নৰেশ যাদৱ আৰু পৱন শৰ্মা । 

উল্লেখযোগ্য যে ৭০ আসনযুক্ত দিল্লী বিধানসভাৰ নিৰ্বাচন চলিত মাহৰ ৫ তাৰিখে অনুষ্ঠিত হ’ব । সমান্তৰালভাৱে ৮ ফ্ৰেৱ্ৰুৱাৰীত ঘোষণা কৰা হ’ব ফলাফল । বিধায়কৰ পদত্যাগ আৰু গেৰুৱা বসন পিন্ধা এই ক্ষতিৰ কিদৰে পূৰণ কৰিব আম আদমী পাৰ্টীয়ে তাত দৃষ্টি নিৱদ্ধ ৰাখিছে ৰাজনৈতিক মহলে ।

অৰবিন্দ কেজৰিৱাল আম আদমি পাৰ্টি