জম্মুত পাক গোলাবৰ্ষণত আহত ৮ জনকৈ বিএছএফ জোৱান

এই ঘটনা আৰ এছ পুৰা ছেক্টৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সৈন্যবাহিনীক সমীপৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে। ২০০০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ভাৰত-পাকিস্তান আই বিক পহৰা দিয়াৰ দায়িত্ব দিয়া হৈছে বি এছ এফক।

author-image
Asomiya Pratidin
New Update
sfsf

ডিজিটেল ডেস্কঃ  জম্মুত শনিবাৰে আন্তঃৰাষ্ট্ৰীয় সীমান্তত পাকিস্তানৰ গোলাবৰ্ষণত আঘাতপ্ৰাপ্ত হৈছে সীমান্ত সুৰক্ষা বাহিনীৰ ৮ জন জোৱান। এই ঘটনা আৰ এছ পুৰা ছেক্টৰত সংঘটিত হোৱা বুলি জানিব পৰা গৈছে। ইতিমধ্যে সৈন্যবাহিনীক সমীপৰ সামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে।

Advertisment

উল্লেখ্য যে, ২০০০ কিলোমিটাৰতকৈ অধিক দৈৰ্ঘ্যৰ ভাৰত-পাকিস্তান আই বিক পহৰা দিয়াৰ দায়িত্ব দিয়া হৈছে বি এছ এফক। ইফালে পাকিস্তানী সেনাই যুদ্ধবিৰতি উলংঘা কৰি ভাৰতীয় চকী আৰু আৱাসিক অঞ্চলক লক্ষ্য কৰি লৈ গোলাবৰ্ষণ কৰাত ৮ গৰাকী জোৱান আহত হয়।

সমগ্ৰ ঘটনা সন্দৰ্ভত কাৰ্গিল যুদ্ধৰ নায়ক ব্ৰিগেডিয়াৰ কুশল ঠাকুৰে কয় যে, প্ৰতিটো প্ৰত্যাহ্বানৰ সন্মুখীন হ’বলৈ আমাৰ নিৰাপত্তা বাহিনী সাজু আছে। পাকিস্তান এইবাৰ সীমান্তৰ জনসংখ্যাৰ লগতে মহানগৰীৰ আৱাসিক অঞ্চলসমূহকো লক্ষ্য লৈছে। এনে কৰি পাকিস্তানে নিজৰ হতাশাৰ পৰিচয় দিছে।

ভাৰত-পাকিস্তান পাকিস্তানৰ বিস্ফোৰণ