/asomiyapratidin/media/media_files/2025/07/10/new-ap-web-1-2025-07-10-18-47-09.png)
ডিজিটেল ডেস্কঃ মঙলবাৰে ধুবুৰী জিলাৰ বিলাসীপাৰাৰ চাপৰত চলা উচ্ছেদ অভিযানৰ বিৰুদ্ধে আজি বিভিন্ন দল সংগঠনৰ সহযোগত প্ৰতিবাদ সাব্যস্ত কৰে এ আই ইউ ডি এফেও। এই প্ৰতিবাদৰ মাজতে অৱশ্যে দলটোৰ ৮ জনকৈ বিধায়কক আটক কৰিছে আৰক্ষীয়ে।
জানিব পৰা মতে চাপৰৰ উচ্ছেদ অভিযানক কেন্দ্ৰ কৰি আজি যি প্ৰতিবাদ সাব্যস্ত হৈছিল সেই প্ৰতিবাদৰ মাজতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। প্ৰতিবাদী সংগঠন কেইটাই চিৰাকুটাত ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে।
এ আই ইউ ডি এফৰ ৮ গৰাকী বিধায়কো এই প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত আছিল। তেওঁলোকে প্ৰথমে প্ৰায় ২০ মিনিট সময় ৰাজপথ অৱৰোধ কৰি পিছত ৰাজপথেৰে সমদলো উলিয়াই তেওঁলোকে। তেতিয়াই কৰ্তব্যৰত আৰক্ষীয়ে এ আই ইউ ডি এফৰ বিধায়ক কেইগৰাকীক আটক কৰে।
আটক হোৱা বিধায়ক কেইগৰাকী ক্ৰমে হাফিজ বছিৰ আহমেদ ক্বাছিমী, ড° হাফিজ ৰফিকুল ইছলাম, আমিনুল ইছলাম, আশ্ৰাফুল ইছলাম, কৰিমুদ্দিন বৰ ভূঞা, ছামছুল হুদা, নিজানূৰ ৰহমান আৰু নজৰুল হক।