সপ্তম পৰ্যায়ৰ নিৰ্বাচনঃ ক'ত, কিমান শতাংশ ভোটদান...সবিশেষ

সপ্তম পৰ্যায়ৰ নিৰ্বাচনঃ ক'ত, কিমান শতাংশ ভোটদান...সবিশেষ

ডিজিটেল ডেস্কঃ লোকসভা নির্বাচনৰ সপ্তম তথা অন্তিম পর্যায়ৰ ভোটগ্ৰহণ দেশৰ ৭ৰাজ্য আৰু এটা কেন্দ্ৰীয় শাসিত অঞ্চলৰ মুঠ ৫৭টা সমষ্টিত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ আছে। পুৱা ৯.৩০বজালৈকে সপ্তম পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদানৰ হাৰ হৈছে- ১১.৩১শতাংশ।

পুৱা ৯.৩০বজালৈকে বিহাৰত ভোটদানৰ হাৰ হৈছে ১০.৫৮শতাংশ। চণ্ডীগড়ত ১১.৬৪শতাংশ, হিমাচলত ১৪.৩৫শতাংশ, ঝাৰখণ্ডত ১২.১৫শতাংশ, ওড়িশাত ৭.৬৯শতাংশ, পাঞ্জাৱত ৯.৬৪শতাংশ, উত্তৰ প্ৰদেশত ১২.৯৪শতাংশ আৰু পশ্চিম বংগত ১২.৬৩শতাংশ ভোটদান সাব্যস্ত হৈছে।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰতিদ্বন্দ্বিতা কৰা বাৰাণসীত পুৱা ৯.৩০বজালৈকে ভোটদানৰ হাৰ হৈছে ১২.৬৬শতাংশ। ইফালে কংগণা ৰাণাৱটে প্ৰতিদ্বন্দ্বিতা কৰা মাণ্ডি সমষ্টিত ভোটদানৰ হাৰ এতিয়ালৈকে ১৩.৮১শতাংশ। 

উল্লেখ কৰা প্ৰয়োজন যে, এই পর্যায়ত উত্তৰ প্ৰদেশ আৰু পঞ্জাৱৰ ১৩ খন, পশ্চিমবংগৰ ৯ খন, বিহাৰৰ ৮ খন, ওড়িশাৰ ৬খন, হিমাচল প্ৰদেশৰ ৪খন, ঝাৰখণ্ডৰ ৩খন আৰু চণ্ডীগড়ৰ ১খন সংসদীয় আসনৰ বাবে  ভোটগ্ৰহণ অনুষ্ঠিত হৈছে।

Related Stories

No stories found.
X
Code:
logo
Asomiya Pratidin
www.asomiyapratidin.in