Advertisment

আপকু কামৰূপ মহানগৰ জিলা সমিতিৰ সপ্তম দ্বি-বার্ষিক অধিবেশন…

অসমৰ সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকু, কামৰূপ মহানগৰ জিলা সমিতিৰ সপ্তম সংখ্যক দ্বি-বার্ষিক অধিবেশন আৰু অন্তৰংগ অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হয়।

author-image
Asomiya Pratidin
New Update
0

ডিজিটেল সংবাদ,পলাশবাৰীঃ অসমৰ সাংবাদিকসকলৰ সংগ্ৰামী মঞ্চ আসাম প্ৰেছ ক'ৰেছপণ্ডেন্টছ ইউনিয়ন চমুকৈ আপকু, কামৰূপ মহানগৰ জিলা সমিতিৰ সপ্তম সংখ্যক দ্বি-বার্ষিক অধিবেশন আৰু অন্তৰংগ অনুষ্ঠান শনিবাৰে অনুষ্ঠিত হয়। আজাৰাৰ কাঁহিকুছিস্থিত অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত অধিবেশন আৰু অন্তৰংগ অনুষ্ঠানৰ কাৰ্যসূচী অনুসৰি ৰাতিপুৱা ১০ বজাত আপকুৰ পতাকা উত্তোলন কৰে কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ৰতন কলিতাই। 

Advertisment

১০ বজাত স্মৃতি তর্পন কৰে কামৰূপ মহানগৰ জিলা সমিতিৰ সম্পাদক ধনঞ্জয় কুমাৰ বৰ্মনে । ১০.৪৫ বজাত আপকুৰ প্ৰতিষ্ঠাপক সম্পাদক প্রধান, সাংবাদিক ভবেশ বৰুৱালৈ শ্রদ্ধাঞ্জলি অৰ্পন কৰে কামৰূপ জিলা মহানগৰ সমিতিৰ কাৰ্যকৰী সভাপতি ধ্রুবজ্যোতি কলিতাৰ লগতে মাল্য অৰ্পন কৰে আপকু কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্র মালীয়ে।

দিনৰ ১১.০০ বজাত অনুষ্ঠিত হোবা প্রতিনিধি আৰু বিষয়বাচনি সভাত পর্যবেক্ষক হিচাপে উপস্থিত থাকে আপকু কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্র মালী। দুপৰীয়া ১২ বজাত অনুষ্ঠিত  মুকলি সভা আৰু অন্তৰংগ আলাপ উদ্বোধন কৰে সভাপতি ৰতন কলিতাই । অন্তৰঙ্গ আলাপত উপস্থিত থকা আছুৰ বিষয়ববীয়া আৰু অঞ্চলটোৰ সমাজকৰ্মী সকলোৰ সৈত মত বিনিময় কৰে । মত বিনিময় কৰি আপকুৰ কামৰূপ জিলা সমিতিৰ সম্পাদক নীৰেন চন্দ্ৰ মালীয়ে আপকুৰ বিষয়ে সুন্দৰকৈ বৰ্ণনা কৰে । 

কামৰূপ মহানগৰ জিলা সমিতিৰ সভাপতি ৰতন কলিতাই সভাপতিত্ব কৰা সভাৰ পিছতেই আপকুৰ কামৰূপ মহানগৰ জিলা সমিতিৰ পুৰণি কমিটিখন ভঙ্গ কৰি আগন্তক দুটা বছৰৰ বাবে এই সভাতেই নতুন সমিতি খন গঠন কৰা হয় । জ্যেষ্ঠ সাংবাদিক ৰতন কলিতাক সভাপতি, ধ্ৰুৱজ্যোতি কলিতাক কাৰ্যকৰী সভাপতি আৰু অভিজিৎ কলিতাক সম্পাদক, হিচাপেলৈ তেৰজনীয়া জনীয়া সমিতি গঠন কৰা হয় ।

সভাত সন্মানীয় অতিথি হিচাপে অসম কৃষি বিজ্ঞান কেন্দ্রৰ সঞ্চালক ড০ ধীৰেন্দ্ৰ নাথ কলিতা, সদৌ অসম ছাত্র সন্থাৰ কেন্দ্রীয় কার্যনির্বাহক সদস্য অলকেশ নাথ, সমাজ সেৱক কিৰন চন্দ্ৰ দাস , পুলক কলিতা, জাকিৰ হুছেইন আৰু সমাজকৰ্মী ভৱানী বৰুৱা উপস্থিত থাকে।

আপকু