/asomiyapratidin/media/media_files/2025/01/30/GwPhvuKHNSlG4VpueFjL.jpg)
সপ্তম সংখ্যক অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপৰ সামৰণি
ডিজিটেল সংবাদ, যোৰহাট : বৃহস্পতিবাৰে সামৰণি পৰা অসম প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপত বেটে বলে উজ্বলি দিগন্ত ক্লাবে চেম্পিয়ন হ’বলৈ সক্ষম হৈছে। যোৰহাট ষ্টেডিয়ামত জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত চলি থকা সপ্তম সংখ্যক প্ৰিমিয়াৰ ক্লাব চেম্পিয়নশ্বিপ প্ৰতিযোগিতাত মহম্মদ কাইফৰ অৰ্ধশতকৰ উপৰিও দশৰৰ্থ কুমাৰৰ ৫টা উইকেটৰ সহায়ত চিটি বয়জ ক্লাবক ২৫ ৰানত হৰুৱাই দিগন্ত ক্লাবে।
দিগন্ত ক্লাব আৰু চিটি বয়জ ক্লাবৰ মাজত অনুষ্ঠিত প্ৰতিযোগিতাখনৰ চূড়ান্ত খেলখনত দিগন্ত ক্লাবে প্ৰথমেই বেটিং কৰি মহম্মদ কাইফৰ ৫৯, ৰোহিত য়াদবৰ ৩৩, মণিৰত্নম বৰাৰ ৩৩ আৰু নেহাৰ ৰয়ৰ ৩০ ৰানৰ সহায়ত সাতটা উইকেট হেৰুৱাই ১৮৯ ৰান সংগ্ৰহ কৰে। চিটি বয়জ ক্লাবৰ হৈ প্ৰতীম প্ৰয়াস হাজৰিকাই দুটা উইকেট লাভ কৰে।
প্ৰত্যুত্তৰত চিটি বয়জ ক্লাবে আৰচাদ ফাৰহানৰ ৬৪, কিশালয় শৰ্মাৰ ২৮ আৰু প্ৰৱাল বৰকটকীৰ ২২ ৰানৰ সহায়ত ১৬৪ ৰান সংগ্ৰহ কৰোতেই আটাইকেইটা উইকেট পতন ঘটাত ২৫ ৰানত পৰাজয় স্বীকাৰ কৰে। দিগন্ত ক্লাবৰ হৈ দশৰৰ্থ কুমাৰে পাঁচটা আৰু মহম্মদ কাইফে তিনিটা উইকেট লাভ কৰে।
আজিৰ চূড়ান্ত খেলখনত মেন অব দা মেচ সন্মান, বেষ্ট বেটছমেন অব দা টুৰ্ণামেণ্টৰ উপৰিও মেন অব দা চিৰিজ সন্মানো লাভ কৰে দিগন্ত ক্লাবৰ মহম্মদ কাইফে। ইয়াৰ উপৰিও বেষ্ট বলাৰ অব দা টুৰ্ণামেণ্ট সন্মান লাভ কৰে দিগন্ত ক্লাবৰ মিঠু বৰাই।