/asomiyapratidin/media/post_attachments/asomiyapratidin/2022-09/6a5157f3-7f11-4b21-96b4-5ca6cf98115d/modi.jpg)
Modi Prime Minister
ডিজিটেল ডেস্ক: দিপাৱলী উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশৰ যুৱ সমাজক দিব বিশেষ উপহাৰ। দেশৰ ৭৫,০০০ যুৱক-যুৱতীক চাকৰি উপহাৰ দিব প্ৰধানমন্ত্ৰী মোডীয়ে।
২২ অক্টোবৰত প্ৰধানমন্ত্ৰী মোডীয়ে ভিডিঅ' কনফাৰেন্সৰ জৰিয়তে দেশৰ যুৱ প্ৰজন্মৰ লগত সংযোগ স্থাপন কৰিব আৰু ৭৫,০০০ যুৱক-যুৱতীক চাকৰিৰ নিযুক্তিপত্ৰ প্ৰদান কৰিব।
এই চাকৰি সমূহ বিভিন্ন মন্ত্ৰালয়ত দিয়া হ'ব। সেইবোৰৰ ভিতৰত আছে প্ৰতিৰক্ষা, ৰে'লৱে, ডাক, গৃহ মন্ত্ৰালয়, চিআইএছএফ, শ্ৰম আৰু নিযুক্তি, চিবিআই, শুল্ক, বেংক, চিএএফ ইত্যাদি। প্ৰধানমন্ত্ৰী মোডীয়ে চলিত বছৰৰ জুন মাহত কৈছিল যে অহা বছৰৰ ডিচেম্বৰৰ ভিতৰত ১০ লাখ লোকক চাকৰি দিয়া হ'ব।
কেন্দ্ৰীয় মন্ত্ৰীসকলেও এই কাৰ্যসূচীত কেইবাগৰাকী কেন্দ্ৰীয় মন্ত্ৰীয়েও যোগদান কৰিব। লগতে সাংসদসকলেও কাৰ্যসূচীত যোগদান কৰিব।
ইয়াৰোপৰি ২২ অক্টোবৰত ধনতেৰাছ উপলক্ষে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে প্ৰায় ৪.৫০ লাখ হিতাধিকাৰীৰ গৃহ প্ৰৱেশত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব। মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানে মঙলবাৰে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ২২ অক্টোবৰত ধনতেৰাছ উপলক্ষে সাতনা জিলাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ৪.৫০ লাখ হিতাধিকাৰীৰ গৃহ প্ৰৱেশত ভাৰ্চুৱেলী অংশগ্ৰহণ কৰিব।