Advertisment

দেশবাসীক গণৰাজ্য দিৱস শুভেচ্ছা প্ৰধানমন্ত্ৰীৰ...

দেশবাসীক ৭৬সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে, দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়-গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল। আজি আমি গণৰাজ্য হোৱাৰ ৭৫টা গৌৰৱময় বছৰ উদযাপন কৰিছো।

author-image
Asomiya Pratidin
New Update
৭৫ গৌৰৱময় বছৰ

৭৫ গৌৰৱময় বছৰ Photograph: (৭৫ গৌৰৱময় বছৰ)

ডিজিটেল ডেস্কঃ দেশবাসীক ৭৬সংখ্যক গণৰাজ্য দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সামাজিক মাধ্যমযোগে প্ৰধানমন্ত্ৰীগৰাকীয়ে, দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰে। তেওঁ কয়-গণৰাজ্য দিৱসৰ শুভেচ্ছা থাকিল। আজি আমি গণৰাজ্য হোৱাৰ ৭৫টা গৌৰৱময় বছৰ উদযাপন কৰিছো।

Advertisment

আমাৰ সংবিধান ৰচনা কৰা আৰু আমাৰ যাত্ৰা যাতে গণতন্ত্ৰ, মৰ্যাদা আৰু ঐক্যৰ মাজত শিপাই থকাটো নিশ্চিত কৰা সকলো মহান মহিলা আৰু পুৰুষৰ ওচৰত আমি প্ৰণাম জনাইছো। আমাৰ সংবিধানৰ আদৰ্শ সংৰক্ষণৰ দিশত আৰু শক্তিশালী আৰু সমৃদ্ধিশালী ভাৰতৰ দিশত আমি কাম কৰাৰ বাবে বদ্ধ পৰিকৰ।’-এইদৰে কয় প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে ৰাষ্ট্ৰীয় ৰাজধানীৰ কাৰ্তব্য পথৰ পৰা ৭৬ সংখ্যক গণৰাজ্য দিৱসৰ কাৰ্যসূচীৰ শুভাৰম্ভণি কৰিব।  এই কাৰ্যসূচী ভাৰতৰ চহকী সাংস্কৃতিক বৈচিত্ৰ্য, ঐক্য, সমতা, উন্নয়ন আৰু সামৰিক দক্ষতাৰ অনন্য মিশ্ৰণ বুলি চৰকাৰী প্ৰেছ বিজ্ঞপ্তিযোগে প্ৰকাশ কৰিছে।

এই অনুষ্ঠানত ইণ্ডোনেছিয়াৰ ৰাষ্ট্ৰপতি প্ৰবো ছুবিয়ানটো মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। ৰাষ্ট্ৰীয় গুৰুত্বপূৰ্ণ অনুষ্ঠানত ‘জন ভাগীদাৰী’ বৃদ্ধিৰ চৰকাৰৰ লক্ষ্যৰ লগত খাপ খুৱাই প্ৰায় ১০ হাজাৰ বিশেষ অতিথিক এই পেৰেড চাবলৈ আমন্ত্ৰণ জনোৱা হৈছে। পুৱা ১০.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই পেৰেড। ৯০মিনিট ধৰি চলিব এই পেৰেড। 

 

 

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী