/asomiyapratidin/media/post_attachments/asomiyapratidin/import/website/2022/08/lakhimrpur-kheri.jpg)
ডিজিটেল ডেস্ক : ২০২১ চনৰ অক্টোবৰত উত্তৰ প্ৰদেশৰ কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাৰ পুত্ৰ আশীষ মিশ্ৰাৰ বাহনৰ খুন্দাত চাৰিজন কৃষকৰ সৈতে মুঠ আঠজন লোকৰ মৃত্যু হৈছিল ।এলাহাবাদ উচ্চ ন্যায়ালয়ে ২০২২ চনৰ জুলাই মাহত আশীষ মিশ্ৰাৰ জামিনৰ আবেদন খাৰিজ কৰে যদিও সংযুক্ত কৃষাণ মৰ্চাই কেন্দ্ৰীয় মন্ত্ৰী অজয় মিশ্ৰাৰ পদত্যাগৰ দাবীত ১৮ আগষ্টৰ পৰা আৰম্ভ কৰে তিনিদিনীয়া প্ৰতিবাদী কাৰ্যসূচীৰ । এই কাৰ্যসূচীত ভাগ লৈছে পাঞ্জাৱৰ প্ৰায় ১০ হেজাৰৰো অধিক কৃষকে সংযুক্ত কৃষাণ মৰ্চাৰ মন্তব্য অনুসৰি, এই প্ৰতিবাদৰ নাম 'ন্যায় বিচাৰি' । ইয়াৰ ওপৰিও, বিগত বৰ্ষত সমগ্ৰ দেশত আলোড়নৰ সৃষ্টি কৰা কৃষক আন্দোলনত অংশগ্ৰহন কৰাৰ বাবে বিভিন্ন গোচৰৰ সন্মুখীন হোৱা কৃষকসকলৰ গোচৰসমূহ খাৰিজ কৰিবলৈও আজিৰে পৰা আৰম্ভ হোৱা প্ৰতিবাদী কাৰ্যসূচীত দাবী জনোৱা হয় ।উল্লেখ্য যে, আশীষ মিশ্ৰাৰ বাহনৰ খুন্দাত নিহত হোৱা ব্যক্তিসকলেও ২০২১ চনৰ কৃষক আন্দোলনত ভাগ লৈছিল । আন্দোলন চলি থকা অৱস্থাতে আন্দোলনস্থলীত তীব্ৰ বেগত প্ৰবেশ কৰিছিল বাহনখনে আৰু মহতীয়াই নিছিল আঠজনকৈ লোকক ।
আৰু পঢ়ক : চিৰাঙৰ ভাৰত-ভূটান সীমান্তৰ দাদগিৰিত চোৰাং কাঠ সহ ভূটানী ডাম্পাৰ জব্দ