/asomiyapratidin/media/media_files/2025/08/01/national-film-awards-1-2025-08-01-19-47-42.jpg)
ডিজিটেল ডেস্কঃ আজি ঘোষণা কৰা হৈছে ৭১ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা। অভিনয়, পৰিচালনা, সংগীত, আৰু প্ৰডাকচন আদি বিভিন্ন শাখাত আগবঢ়োৱা এই বঁটা আজি নতুন দিল্লীৰ নেছনেল মিডিয়া চেণ্টাৰত সংবাদ মেলৰ জৰিয়তে জুৰীৰ সদস্যসকেল আনুষ্ঠানিকভাৱে ঘোষণা কৰে।
সেই অনুসৰি এইবাৰ শ্ৰেষ্ঠ অভিনেতাৰ ৰাষ্ট্ৰীয় পুৰস্কাৰ লাভ কৰিছে শ্বাহৰুখ খান আৰু বিক্ৰান্ত মেছিয়ে। শ্বাহৰুখ খানক ‘জৱান’ ছবিত কৰা অভিনয়ৰ বাবে এই বঁটা প্ৰদান কৰাৰ লগতে বিক্ৰান্ত মেছিক ‘12th Fail’ ছবিত কৰা অনবদ্য অভিনয়ৰ বাবে এই বঁটা প্ৰদান কৰা হৈছে।
আনহাতে ৰাণী মুখাৰ্জীয়ে 'Mrs Chatterjee Vs Norway’ ছবিত কৰা অভিনয়ৰ বাবে শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মান লাভ কৰিছে। হিন্দী ভাষাত শ্ৰেষ্ঠ ছবিৰ সন্মান লাভ কৰিছে 'Katthal'এ।
মহিলা শাখাত শ্ৰেষ্ঠ নেপথ্য গায়িকাৰ বঁটা লাভ কৰিছে জৱান আৰু পুৰুষ শাখাত শ্ৰেষ্ঠ নেপথ্য গায়কৰ বঁটা লাভ কৰিছে বেবী ছবিয়ে। সেইদৰে শ্ৰেষ্ঠ সহ অভিনেত্ৰীৰ বঁটা লাভ কৰিছে উল্লোঝোক্কু ছবিৰ বাবে উৰ্বশীয়ে আৰু ভাস ছবিৰ বাবে জানকিয়ে। শ্ৰেষ্ঠ সহ অভিনেতাৰ বঁটা লাভ কৰিছে পুকালাম ছবিৰ বাবে বিজয়ৰাঘৱনে আৰু পাৰ্কিং ছবিৰ বাবে মুথুপেট্টাই।
অনন্যা শিতানত ৰাষ্ট্ৰীয় বঁটা লাভৰ তালিকা
বিশেষ উল্লেখ (Special Mention):
• এনিমেল (পুনৰ ৰেকৰ্ডিং মিক্সাৰ): এম. আৰ. ৰাধাকৃষ্ণন
শ্ৰেষ্ঠ আঞ্চলিক ভাষাৰ চলচ্চিত্ৰ:
• তেলুগু: ভগৱন্ত কেশৰী
• তামিল: পাৰ্কিং
• পঞ্জাবী: গড্ডে গড্ডে চা
• ওড়িয়া: পুষ্কৰ
• মাৰাঠী: শ্যামচী আই
• মালায়ালম: উল্লোঝোক্কু
• কানাড়া: কাণ্ডীলু – দ্য ৰে অফ হোপ
• হিন্দী: কাথাল – এ জেকফ্ৰুট অফ মিষ্ট্ৰী
• গুজৰাটি: ভাস
• বঙালী: দীপ ফ্ৰিজ
• অসমীয়া: ৰঙা টাপু-১৯৮২
অন্যান্য শিতানত বঁটা বিজয়ীসকলঃ
• শ্ৰেষ্ঠ এক্সন নিৰ্দেশনা: হনু-মান (তেলুগু)
• শ্ৰেষ্ঠ নৃত্য নিৰ্দেশনা: ৰকী অউৰ ৰানী কি প্রেম কাহানী
• শ্ৰেষ্ঠ লিৰিক্স: বালাগাম
• শ্ৰেষ্ঠ সংগীত পৰিচালনা: ভাথি (তামিল)
• শ্ৰেষ্ঠ মেক-আপ আৰু সাজ-সজ্জা: ছেম বাহাদুৰ
• শ্ৰেষ্ঠ প্ৰডাকছন ডিজাইন: ২০১৮ – এভৰিৱান ইজ এ হিৰ’ (মালায়ালম)
• শ্ৰেষ্ঠ সম্পাদনা: পুকালাম (মালায়ালম)
• শ্ৰেষ্ঠ ছাউণ্ড ডিজাইনঃ এনিমেল
• শ্ৰেষ্ঠ চিত্ৰগ্ৰহণ: দ্য কেৰেলা ষ্ট'ৰি (হিন্দী)