Advertisment

আজিৰে পৰা ৭০ সংখ্যক দীঘিৰপাৰ ৰাসোৎসৱ

দৰং জিলাৰ দীঘিৰপাৰ শ্রীশ্রীহৰি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা ১১ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে শ্রীশ্রীকৃষ্ণ ৰাসোৎসৱ আৰু সনাতন ধর্মালোচনা সভা অনুষ্ঠিত হ'ব।

author-image
Asomiya Pratidin
New Update
ৰাস

ডিজিটেল সংবাদ, মঙলদৈ : দৰং জিলাৰ দীঘিৰপাৰ শ্রীশ্রীহৰি মন্দিৰ পৰিচালনা সমিতিৰ উদ্যোগত বৃহস্পতিবাৰৰ পৰা ১১ দিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে ৭০ সংখ্যক শ্রীশ্রীকৃষ্ণ ৰাসোৎসৱ আৰু সনাতন ধর্মালোচনা সভা অনুষ্ঠিত হ'ব। এই উপলক্ষে চাৰি শতাধিক মৃন্ময় মুর্তি নৰূপত সজাই তোলা হৈছে। 

Advertisment

আনহাতে লখিমপুৰৰ নাৰায়ণপুৰৰ বদলা পদ্মআতা সত্ৰৰ বৰবায়ন উপেন্দ্র চন্দ্র বৰুৱাৰ নেতৃত্বত ৫৬০ জন শিশু, যুৱক-যুৱতী মহাৰাস প্রদর্শন কৰিবলৈ সাজু হৈ উঠিছে বুলি উদ্যোক্তাই জানিবলৈ দিয়ে। আজি পুৱা হৰি মন্দিৰৰ পতাকা হৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি কনক চন্দ্র ডেকাই উত্তোলন কৰে।

একেদৰে ৰাসোৎসৱৰ পতাকা উদযাপন সমিতিৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই উত্তোলন কৰে। কার্যকৰী সভাপতি গণেশ্বৰ বৈশ্য আৰু ধীৰেন্দ্ৰ ডেকাই স্মৃতি তর্পণ, উপদেষ্টা জানিৰাম ডেকাই বস্তি প্রজ্বলন কৰে। 
উদ্যোক্তাই জনোৱা অনুসৰি বিয়লি ৩-০০ বজাত মন্ত্রী কেশৱ মহন্তই ৰাসোৎসৱ উদ্বোধন কৰাৰ লগতে মুখপত্র 'মুৰুলী' উন্মোচন কৰিব। সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত হ'বলগীয়া উদ্বোধনী অনুষ্ঠানত বিধায়ক বসন্ত দাস, ড° পৰমানন্দ ৰাজবংশী, প্রাক্তন বিধায়ক গুৰুজ্যোতি দাস আদি উপস্থিত থাকিব। 

এই অনুষ্ঠানত কনক চন্দ্র ডেকাৰ গ্ৰন্থ দৰং জিলা নাগাৰা নাম সংঘৰ সভাপতি উদ্ধৱ ডেকাই উন্মোচন  কৰিব। ইয়াৰ পিচত অধিবাস, ভাগৱত পাঠ, ওজাপালি, শুভ নাগাৰা নাম পৰিবেশন কৰা হ'ব। 
১৫ নৱেম্বৰত সভাপতি দিলীপ শইকীয়াৰ সভাপতিত্বত হ'বলগীয়া ধর্মালোচনা সভা উদ্বোধন কৰিব অৱসৰপ্ৰাপ্ত অধ্যাপক ডা০ শশীন্দ্র চহৰীয়াই। সভাত উত্তৰ বেতনা শংকৰদেৱ সত্ৰৰ সত্ৰাধিকাৰ বিজু পাঠক মহন্ত নির্দিষ্ট বক্তা, কলিয়াবৰৰ শ্রীশ্রীবাঘৰগঞা সত্ৰৰ সত্ৰাধিকাৰ হিব্ৰু প্রসাদ মহন্তই মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিব। 

আনহাতে সন্ধিয়া ৬-০০ বজাত মহাৰাস উদ্বোধন কৰিব মন্ত্রী অজন্তা নেওগে। ১৬ নৱেম্বৰত ৰংগতীৰ্থ কলা কেন্দ্ৰৰ শিল্পীসকলে শ্রীশ্রীকৃষ্ণ ৰাসলীলা, ১৭ নবেম্বৰত দিহানাম প্রতিযোগিতা, মঙলদৈ নৃত্যাংগন সংগীত মহাবিদ্যালয়ৰ ছাত্র-ছাত্রীসকলে শ্রীশ্রীকৃষ্ণ ৰাসলীলা প্রদর্শন কৰিব। 

ইফালে ১৮ আৰু ১৯  নৱেম্বৰত শ্রীশ্রীকৃষ্ণ পূর্ণাংগ ৰাসলীলা, ২০ নৱেম্বৰত মহাৰাস প্রদর্শন কৰা হ’ব। ২১ নৱেম্বৰত নাগাৰা নাম প্রদর্শন, ২২ নবেম্বৰত অজয় ডেকা সোঁৱৰণী কৃষ্ণ নৃত্য প্রতিযোগিতা, মহিলাৰ বিচিত্রানুষ্ঠান, ত্রিনয়ন সংগীত মহাবিদ্যালয়ৰ শ্রীশ্রী কৃষ্ণ ৰাসলীলা প্ৰদৰ্শন আৰু ২৪ নৱেম্বৰত সাংস্কৃতিক অনুষ্ঠান সম্পন্ন হ'ব বুলি উদযাপন সমিতিয়ে জানিবলৈ দিয়ে।

মঙলদৈ ৰাস মহোৎসৱ