প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দেশৰ ৭০ ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যক্ষ কৰিব চন্দ্ৰযান-২ৰ অৱতৰণ…

প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দেশৰ ৭০ ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যক্ষ কৰিব চন্দ্ৰযান-২ৰ অৱতৰণ…

author-image
asomiyapratidin
New Update
প্ৰধানমন্ত্ৰী মোডীৰ সৈতে দেশৰ ৭০ ছাত্ৰ-ছাত্ৰীয়ে প্ৰত্যক্ষ কৰিব চন্দ্ৰযান-২ৰ অৱতৰণ…

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফাইল ফটো

ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী মোডীৰ সৈতে চন্দ্ৰযান–২ৰ লেণ্ডাৰ 'বিক্ৰম'ৰ অৱতৰণ প্ৰত্যক্ষ কৰিব দেশৰ প্ৰায় ৭০গৰাকী ছাত্ৰ-ছাত্ৰীয়ে। কিছু সময়ৰ পিছতে প্ৰধানমন্ত্ৰীৰ সৈতে প্ৰত্যক্ষ কৰিব সেই দৃশ্য। উল্লেখ্য যে, ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আছে উত্তৰ-পূবৰো এজন ছাত্ৰ। চেৰাপুঞ্জীৰ চহৰাস্থিত ৰামকৃষ্ণ মিচনৰ সৌভাগ্যবান কিশোৰ ছাত্ৰজনৰ নাম ৰিবাইট ফাৱা।

Advertisment

প্ৰতিখন ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত ৰাজ্যত অনুষ্ঠিত হৈছিল ইছৰ'ৰ অনলাইন কুইজ। সেই কুইজত সফলতা লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক নিমন্ত্ৰণ কৰা হৈছে এই দৃশ্য প্ৰত্যক্ষ কৰাৰ বাবে। আগষ্ট মাহৰ ১০ ৰ পৰা ২৫ তাৰিখৰ লৈকে সেই কুইজ অনুষ্ঠিত হৈছিল। ইছৰ'ৰ বাংগালুৰুৰ কাৰ্যালয়ে মাইগভ.ইনৰ সহযোগত এই কুইজ অনুষ্ঠিত কৰিছিল।

১০ মিনিটৰ বাবে অনুষ্ঠিত হৈছিল কুইজ। প্ৰায় ২০ টা প্ৰশ্ন সোধা হৈছিল। সেই প্ৰশ্নৰ ভিতৰত সৰ্বাধিক উত্তৰ দিয়া ছাত্ৰ-ছাত্ৰীসকলক নিমন্ত্ৰণ জনোৱা হৈছে।