নগাঁৱত পথ দুৰ্ঘটনাত ৭০ জনৰ মৃত্যু...

নগাঁৱত সাত মাহত ৭০ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে । নিহতসকলৰ গৰিষ্ঠ সংখ্যকে মদিৰা পান কৰি গাড়ী চলোৱাৰ বাবে কৰুণ মৃত্যুক সাৱতি ল'ব লগা হৈছে । লগতে ১০০ ৰো অধিক লোক পথ দুৰ্ঘটনাত আহত হ'ব লগা হৈছে । 

author-image
Asomiya Pratidin
New Update
AP FOR WEB debashish

ডিজিটেল সংবাদ , নগাঁও : নগাঁৱত সাত মাহত ৭০ জন লোকৰ পথ দুৰ্ঘটনাত মৃত্যু হৈছে । নিহতসকলৰ গৰিষ্ঠ সংখ্যকে মদিৰা পান কৰি গাড়ী চলোৱাৰ বাবে কৰুণ মৃত্যুক সাৱতি ল'ব লগা হৈছে । লগতে ১০০ ৰো অধিক লোক পথ দুৰ্ঘটনাত আহত হ'ব লগা হৈছে । 

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱতি লোৱা ঘটনাৰ পৰিপ্ৰেক্ষিতত নগাঁৱৰ আয়ুক্ত দেৱাশীষ শৰ্মাই বিষয়টো গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে । নগাঁৱৰ চামগুৰি থানাৰ অন্তৰ্গত অন্যতম পৰ্যটনস্থলী চাপানালা জলপ্ৰপ্ৰপাত আৰু হ্ৰদহ্ৰদী জলপ্ৰপাতস্থলীত আয়ুক্ত শৰ্মা দেওবাৰে উপস্থিত হয় । 

দুয়োটি পৰ্যটনথলীত আয়ুক্তগৰাকী উপস্থিত হৈ মদিৰা পান কৰি জলকেলি কৰি থকা লোকক দেখি আচৰ্য প্ৰকাশ কৰে । লগতে তাৰ পৰাই তেখেতে বিশেষকৈ অভিভাৱকসকলক উদ্দেশ্য কৰি আহ্বান জনাই যে সন্তানসকলে যাতে মদিৰা পান কৰি জলকেলি , আনন্দ -উৎসাহ কৰিবলৈ নাহে তাৰ প্ৰতি চকু দিবলৈ । 

আয়ুক্ত শৰ্মাই নিজকে পৰিয়ালৰ এজন ভাতৃ , পৰিয়ালৰ এজন লোক হিচাপে মানি লৈ তেওঁৰ আহ্বানক সহাৰি জনাবলৈ সকলো লোককে আহ্বান জনায় । তেখেতে চাপানালাত এখন পথসভাতো ৰাইজক উদ্দেশ্য কৰি পথ দুৰ্ঘটনা ৰোধ কৰা , পৰ্যটনস্থলী পৰিস্কাৰ- পৰিচ্চন্ন কৰি ৰখাৰ ওপৰত গুৰুত্ব প্ৰদান কৰে ।

nagaon