চুৰি বাইক, স্কুটী, ইনভাৰ্টাৰৰ বেটাৰীসহ ৭ গভাইত চোৰক গ্ৰেপ্তাৰ

চোৰৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ সদৰ থানাৰ আৰক্ষীয়ে ৭জন গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে,চোৰ কেইজনৰ‌পৰা চুৰি হোৱা এখন স্কুটী, এখন বাইক, দুটা ইনভাৰ্টাৰৰ বেটাৰীসহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰে

author-image
Asomiya Pratidin
New Update
dfbhfj

ডিজিটেল সংবাদ, শিলচৰ : দীৰ্ঘদিন ধৰি সন্ত্ৰাস চলাই অহা চোৰৰ বিৰুদ্ধে অভিযান চলাই শিলচৰ সদৰ থানাৰ আৰক্ষীয়ে ৭জন গভাইত চোৰক গ্ৰেপ্তাৰ কৰিছে।‌ সদৰ থানাৰ টি এছ আই শুভজিত দত্তৰ নেতৃত্বত আৰক্ষীৰ দল এটাই বিভিন্ন স্থানত অভিযান চলাই চোৰ কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়।‌

Advertisment

আৰক্ষীৰ ভাষ্য অনুসৰি চোৰ কেইজনৰ‌পৰা চুৰি হোৱা এখন স্কুটী, এখন বাইক, দুটা ইনভাৰ্টাৰৰ বেটাৰীসহ বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰা হয়।‌ ধৃত‌চোৰ কেইজন হৈছে-  শিলচৰ মধুৰবন্দৰ‌ ৰফিক উদ্দিন লস্কৰ (২৮), আৰিফ উদ্দিন লস্কৰ (৩১),  তৈবুৰ ৰহমান লস্কৰ (৩৫), সোণাই স্বধীন বজাৰৰ কুটুবুল আহমেদ লস্কৰ (২১) শিলচৰ কালিবাৰী চৰৰ  সীতা ৰাম সিং (৫০) আৰু ৰাজা দাস (১৯)। 

গ্ৰেপ্তাৰৰ পিচত চোৰ কেইজনক আদালতত হাজিৰ কৰোৱা হয়। আদালতৰ অনুমতিত চোৰ কেইজনক ৩দিনৰ‌  ৰিমাণ্ডত নিয়ে আৰক্ষীয়ে।

Silchar Assam police