মায়া নগৰী মুম্বাইত জিলিকিল জামুগুৰিহাটৰ নৃত্যম ডান্স একাডমীৰ ৭গৰাকী ছাত্ৰী

মায়া নগৰী মুম্বাইত জিলিকিল জামুগুৰিহাটৰ নৃত্যম ডান্স একাডমীৰ ৭গৰাকীকৈ ছাত্ৰী। মুম্বাইৰ আন্ধেৰীত অনুষ্ঠিত হোৱা 'দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় মুম্বাইৰ কাৰ্নিভেলত' অংশগ্ৰহণ...

author-image
Asomiya Pratidin
New Update
jamugurihat

jamugurihat

ডিজিটেল সংবাদ, জামুগুৰিহাট : মায়া নগৰী মুম্বাইত জিলিকিল জামুগুৰিহাটৰ নৃত্যম ডান্স একাডমীৰ ৭গৰাকীকৈ ছাত্ৰী। মুম্বাইৰ আন্ধেৰীত অনুষ্ঠিত হোৱা 'দ্বিতীয় আন্তঃৰাষ্ট্ৰীয় মুম্বাইৰ কাৰ্নিভেলত' অংশগ্ৰহণ কৰি জামুগুৰিহাটৰ তনয়া ভৰালী, ডিমিত্ৰা হাজৰিকা, স্বাধীণা ৰয়, দক্ষিণা মেধি, কৃতি কংকনা বৰা, সীমা দেৱী আৰু প্ৰিয়া শৰ্মাই বিহু  নৃত্য, হিপ আপ, ভাৰত নাট্যম তথা শাস্ত্ৰীয় নৃত্যকে ধৰি কেইবাটাও বিভাগক শ্ৰেষ্ঠতৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হয়।

ইয়াৰে ৪ গৰাকী ছাত্ৰীয়ে ২০২৫ বৰ্ষত ডুবাইত অনুষ্ঠিত হ'ব লগা 'ডুবাই কাৰ্ণিভেলত' পোনপটীয়াকৈ অংশগ্ৰহণ কৰাৰ সুযোগ লাভ কৰিছে। নৃত্যম ডান্স একাডমীৰ পৰিচালিকা পল্লবীতা দাস হাজৰিকাৰ নেতৃত্বত মুম্বাইলৈ গৈ সফলতা কঢ়িয়াই অনা ছাত্ৰী কেইগৰাকীক সোমবাৰে জামুগুৰিহাটৰ নৃত্যম ডান্স একাডমীত সম্বৰ্ধনা জনোৱা হয়।

jamugurihat