/asomiyapratidin/media/media_files/2025/01/21/JB8ldi12vq8Axd6sOxgA.jpg)
সুৰানিষিদ্ধ বিহাৰত অঘটন
ডিজিটেল ডেস্ক : সুৰানিষিদ্ধ বিহাৰত আকৌ এবাৰ সুৰা ট্ৰেজেডিয়ে প্ৰাণ লৈছে ৭জন লোকৰ। ৰাজ্যখনৰ পশ্চিম চম্পাৰণ জিলাত নিশা বিষাক্ত সুৰাপান কৰাৰ ফলত ৭জন লোক মৃত্যুমুখত পৰে।
পিছে আৰক্ষীয়ে এই তথ্য লাভ কৰাৰ পূৰ্বে আটাইকেইজনৰ মৃতদেহৰ শেষকৃত্য কৰা হয়। জিলাখনৰ লাউৰিয়া থানাৰ অন্তৰ্গত অঞ্চলত এই ঘটনাটো সংঘটিত হয়। ইতিমধ্যে ঘটনাৰ বহু পাছত আৰক্ষীয়ে তদন্ত চলোৱা বুলি জানিব পৰা গৈছে।