সুখচৰ আৰক্ষীৰ চোৰাং পশুধনৰ বিৰুদ্ধে অভিযানঃ জব্দ ৭টা গৰু, ৪টা ম'হ

মঙলবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষীয়ে অভিযান চলাই ১১ টা কৈ চোৰাং পশুধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৭ টা গৰু আৰু ৪টা চোৰাং ম'হ।

author-image
Asomiya Pratidin
New Update
sdsdsdsdd

ডিজিটেল সংবাদ, মানকাচৰঃ সুখচৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে চোৰাং পশুধনৰ বিৰুদ্ধে অভিযান। মঙলবাৰে নিশা এক গোপন খবৰৰ ভিত্তিত দক্ষিণ শালমাৰা মানকাচৰ জিলাৰ সুখচৰ আৰক্ষীয়ে অভিযান চলাই ১১ টা কৈ চোৰাং পশুধন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ইয়াৰে ৭ টা গৰু আৰু ৪টা চোৰাং ম'হ।

WhatsApp Image 2025-10-29 at 5.28.21 PM

জানিব পৰা মতে চোৰাং সৰবৰাহকাৰীয়ে চোৰাং পশুধন সমূহ বাংলাদেশ লৈ সৰবৰাহ কৰাৰ সময়ত সুখচৰ আৰক্ষীয়ে বেৰাভাঙাৰ চহৰৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয় যদিও চোৰাং সৰবৰাহকাৰী সকলে এন্ধাৰৰ সুযোগ লৈ পলায়ন কৰিবলৈ সক্ষম হয়।

মানকাচৰ