/asomiyapratidin/media/media_files/2025/01/30/HM8ddY5dDoWwZgHogmIB.jpg)
কোকৰাঝাৰত ষষ্ঠ অনুসূচী পৰিষদৰ সাংবাদিক সন্মিলন সম্পন্ন
ডিজিটেল সংবাদ, কোকৰাঝাৰ : কোকৰাঝাৰ তাৰকাগৃহৰ প্ৰেক্ষাগৃহত ৰাজ্যৰ তিনিওটা স্বায়ত্তশাসিত পৰিষদৰ সাংবাদিকসকলৰ এক সন্মিলন বৃহস্পতিবাৰে দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত হয়। বি টি চি চৰকাৰৰ তথ্য আৰু জনসংযোগ বিভাগৰ উদ্যোগত অনুষ্ঠিত হোৱা সাংবাদিক সন্মিলনত বিটিআৰ, কাৰ্বি আংলং আৰু ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ (এনচিএচি)ৰ পৰা দুই শতাধিক সাংবাদিকে অংশগ্ৰহণ কৰে ৷
/asomiyapratidin/media/media_files/2025/01/30/QPDa9qKj3XZ7pIEy74V5.jpg)
সাংবাদিক সন্মিলনৰ বন্তি প্ৰজ্বলনেৰে শুভ উদ্বোধন কৰে তথ্য আৰু জনসংযোগ বিভাগৰ মন্ত্ৰী পীয়ুষ হাজৰীকাই ৷ উদ্বোধনী ভাষণত মন্ত্ৰী পীয়ুষ হাজৰীকাই সাংবাদিকসকল শক্তিশালী হ'লেহে গণতন্ত্ৰ শক্তিশালী হ'ব বুলি উল্লেখ কৰি সত্যনিষ্ঠ সংবাদ পৰিৱেশন কৰিবলৈ সাংবাদিকসকলক আহ্বান জনায় ৷
সংবাদক্ষেত্ৰখনত হোৱা পৰিৱৰ্তনৰ কথা সুঁৱৰি তেওঁ কয়- এসময়ত এক লাখ চাৰ্কুলেছন হোৱা কাকতৰো এতিয়া চাৰ্কুলেছন ২৫-৩০ হাজাৰ হৈছেহি, চেনেলৰ টি আৰ পি দহৰ পৰা নামি আঢ়ৈ হৈছেহি। ইয়াৰ কাৰণ কি আমি বিশ্লেষণ কৰা উচিত। লগতে একাংশ প'ৰ্টেলৰ সংবাদসেৱা সম্পৰ্কেও তেওঁ নিজৰ অভিমত ব্যক্ত কৰে ।
/asomiyapratidin/media/media_files/2025/01/30/cUcFxbrW4MtLqfkCybcH.jpg)
অনুষ্ঠানত উপস্থিত থকা বিটিচিৰ তথ্য আৰু জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ড০ নীলুৎ স্বৰ্গীয়াৰীয়ে বিটিআৰৰ পিছপৰা অঞ্চলসমূহক আগবঢ়াই নিবলৈ সাংবাদিকসকলক আহ্বান জনাই কয়- অহা ২০২৫-২৬ বিত্তীয় বৰ্ষ পৰা বিটিআৰৰ যিসকল সাংবাদিকে কষ্টৰে সংবাদসেৱা আবঢ়াই আছে, তেওঁলোকৰ মাজৰ পাঁচগৰাকীক গাইপতি ৫০ হাজাৰকৈ "বিটিআৰ এক্সেলেন্স গ্ৰাণ্ট ইন ডেভেলপমেণ্ট ৰিপ'ৰ্টিং" শিৰোনামেৰে আৰ্থিক সাহায্য দিয়াৰ উপৰি আন পাঁচ গৰাকীক মেডিয়া ফেল'শ্বীপ আগবঢ়োৱা হ’ব বুলি সদৰী কৰে ।
/asomiyapratidin/media/media_files/2025/01/30/q5jxt5ce8LPnobiLFcex.jpg)
আনহাতে সন্মিলনত বিভিন্ন শীৰ্ষক বিষয় লৈ এক আলোচনা চক্ৰ অনুষ্ঠিত হয় ৷ আলোচনা চক্ৰত সমল ব্যক্তি হিচাপে জ্যেষ্ঠ সাংবাদিক প্ৰশান্ত ৰাজগুৰু, গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামী আৰু দৈনিক পূৰ্বোদয়ৰ সম্পাদক ৰবি শংকৰ ৰবিয়ে অংশ লয় ৷ প্ৰশান্ত ৰাজগুৰুৱে উন্নয়নমুখী সাংবাদিকতা সম্পৰ্কে তেওঁৰ গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে । ষষ্ঠ অনুসূচীৰ ইতিহাস সম্পৰ্কেও তেওঁ ব্যাখ্যা কৰে। লগতে ক'ভিড-১৯ৰ পৰৱৰ্তীকালত ছপা মাধ্যমলৈ অহা দুৰ্যোগেও তেওঁৰ বক্তব্যত ঠাই পায়।
/asomiyapratidin/media/media_files/2025/01/30/uYKYUxnqA5VcjxOFWhRj.jpg)
ৰবি শংকৰ ৰবিয়ে চৰকাৰ আৰু মিডিয়াৰ সম্পৰ্কৰ বিষয়ে গুৰুত্বপূৰ্ণ বক্তব্য প্ৰদান কৰে। সংবাদ মাধ্যমৰ আইন আৰু নিৰ্দেশনাসমূহ সন্দৰ্ভত গুৱাহাটী বিশ্ববিদ্যালয়ৰ সাংবাদিকতা বিভাগৰ মুৰব্বী চন্দন কুমাৰ গোস্বামীয়ে বহুলভাৱে ব্যাখ্যা আগবঢ়ায়।
/asomiyapratidin/media/media_files/2025/01/30/fAFj48XvuxKlbQ9ymGeR.jpg)
তাৰ সমান্তৰালভাৱে তেওঁ বাতৰি লিখোঁতে শব্দ প্ৰয়োগ সম্পৰ্কেও নিজৰ অভিমত ব্যক্ত কৰে। আজিৰ সাংবাদিক সন্মিলনত বিটিচিৰ জনসংযোগ বিভাগৰ কাৰ্যবাহী সদস্য ডা° নীলুৎ স্বৰ্গীয়াৰী, বিধায়ক জিৰণ বসুমতাৰী, কাৰ্যবাহী সদস্য অৰূপ দে', উকীল মুছাহাৰী, বিটিচিৰ প্ৰধান সচিব আকাশদীপ আদিকে ধৰি বহু বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷