/asomiyapratidin/media/media_files/2025/07/29/upi-2025-07-29-12-08-05.jpg)
ডিজিটেল ডেস্কঃ বিগত ছটা বিত্তীয় বৰ্ষত ৬৫ হাজাৰ কোটিতকৈ অধিক ডিজিটেল লেনদেন সম্পন্ন হৈছে। ২০ বিত্তীয় বৰ্ষৰ পৰা ২৫ বিত্তীয় বৰ্ষলৈ এই ডিজিটেল লেনদেনৰ পৰিমাণ ১২,০০০ লাখ কোটি টকাতকৈও অধিক বুলি সোমবাৰে সংসদত অৱগত কৰা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংক, ভাৰতীয় নেশ্যনেল পেমেণ্টছ কৰ্পৰেশ্যন, ফিনটেক, বেংক আৰু ৰাজ্য চৰকাৰকে ধৰি বিভিন্ন অংশীদাৰৰ সৈতে অতি ঘনিষ্ঠভাৱে কাম কৰি দেশত ডিজিটেল পেমেণ্ট গ্ৰহণৰ হাৰ বৃদ্ধি কৰি আহিছে।
ইফালে, কেন্দ্ৰীয় বেংকে ২০২১ চনত পিআইডিএফ স্থাপন কৰিছে। ইয়াৰ দ্বাৰা সৰু সৰু চহৰ সমূহৰ লগতে উত্তৰ-পূবৰ ৰাজ্য আৰু জম্মু-কাশ্মীৰত ডিজিটেল পেমেণ্ট গ্ৰহণযোগ্যতা আন্তঃগাঁথনি স্থাপনৰ বাবে উৎসাহিত হৈছে। ইয়াৰ উপৰিও ২০২৫ চনৰ ৩১ মে’লৈকে পিআইডিএফৰ জৰিয়তে প্ৰায় ৪.৭৭ কোটি ডিজিটেল টাচ পইণ্ট স্থাপন কৰা হৈছে।
একেদৰে, ইউপিআইয়ে ক্ষুদ্ৰ বিক্ৰেতা আৰু গ্ৰাম্য ব্যৱহাৰকাৰীকে ধৰি সকলো নাগৰিকক ডিজিটেল পেমেণ্ট গ্ৰহণ কৰিবলৈও সক্ষম কৰিছে। ইয়াৰ ফলত নগদ ধনৰ ওপৰত নিৰ্ভৰশীলতা হ্ৰাস পাইছে আৰু আনুষ্ঠানিক অৰ্থনৈতিক অংশগ্ৰহণ বৃদ্ধি কৰিছে।
আনহাতে, কেন্দ্ৰীয় বেংকৰ শেহতীয়া তথ্যই প্ৰকাশ কৰিছে যে, ২০২৪ চনৰ ছেপ্টেম্বৰৰ বাবে আৰবিআই-ডিপিআই সূচকাংক ৪৬৫.৩৩ ত আছিল। এই পৰিসংখ্যাই সমগ্ৰ দেশতে ডিজিটেল পেমেণ্ট গ্ৰহণ, আন্তঃগাঁথনি আৰু প্ৰদৰ্শনৰ অবিৰত বৃদ্ধিৰ ওপৰত আলোকপাত কৰিছে।