ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ ৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ

৬৮ টা গৌৰৱোজ্জ্বল শিক্ষাবৰ্ষ গৰকা এইখন ঐতিহাসিক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে মহাবিদ্যালয় সপ্তাহ । ১ ফেব্ৰুৱাৰীৰ পৰা মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ ষষ্ঠ দিনা উলিওৱা হয় এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা । 

author-image
Asomiya Pratidin
New Update
ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ ৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ

ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ ৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ

ডিজিটেল সংবাদ, ঢকুৱাখনা : উত্তৰ অসমৰ এখন গৰিমামণ্ডিত উচ্চ শিক্ষানুষ্ঠান ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয় । মহাবিদ্যালয়খনৰ অদক্ষ অধ্যক্ষ যুগল শইকীয়াৰ সীমাহীন স্বেচ্ছাচাৰীতাই বিতৰ্কিত আৰু নিন্দিত কৰি তোলা এইখন শিক্ষানুষ্ঠান এইবাৰ স্বকীয় গৰিমাৰে উজ্বলি উঠিছে । মহাবিদ্যালয়খনৰ সমূহ শিক্ষক- শিক্ষাৰ্থী আৰু কৰ্মচাৰীৰ ঐক্যবদ্ধ প্ৰচেষ্টাই শিক্ষাসদী ঘিলামৰাবাসীক সন্মোহিত কৰিবলৈ সক্ষম হৈছে।

Advertisment

প্ৰায় ৬৮ টা গৌৰৱোজ্জ্বল শিক্ষাবৰ্ষ গৰকা এইখন ঐতিহাসিক মহাবিদ্যালয়ত অনুষ্ঠিত হৈছে মহাবিদ্যালয় সপ্তাহ । ১ ফেব্ৰুৱাৰীৰ পৰা মহাবিদ্যালয় পৰিয়ালৰ উদ্যোগত অনুষ্ঠিত মহাবিদ্যালয় সপ্তাহৰ ষষ্ঠ দিনা উলিওৱা হয় এক দৃষ্টিনন্দন সাংস্কৃতিক শোভাযাত্ৰা । 

ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ ৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ
ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ ৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ

 

মহাবিদ্যালয় চৌহদৰ পৰা উলিওৱা এই মনোমোহা সাংস্কৃতিক শোভাযাত্ৰা শুভ উদ্বোধন কৰে প্ৰবীণ বিহুৱা , শিক্ষাবিদ নিৰঞ্জন গগৈয়ে । মহাবিদ্যালয়ৰ গৰিষ্ঠসংখ্যক শিক্ষক- কৰ্মচাৰীৰ লগতে মহাবিদ্যালয়খনৰ সকলো শিক্ষাবর্ষৰ শিক্ষাৰ্থীয়ে স্বকীয় বাৰ্তা বহনকাৰী প্ৰতীকী উপস্থাপন কৰি উলিওৱা শোভাযাত্ৰাই ঘিলামৰাবাসীৰ লগতে প্ৰতিগৰাকী দৰ্শকক সন্মোহিত কৰে । 

প্ৰধানকৈ শিক্ষাৰ্থীসকলৰ দ্বাৰা প্ৰদৰ্শীত বিভিন্ন জাতি-জনগোষ্ঠীৰ বিহু, লোকনৃত্য-গীত , গ্ৰাম্য জীৱনৰ প্ৰতিভূ প্ৰতিফলিত কৰা লোকাচাৰ ,পৰম্পৰাৰ বাঙ্ময় প্ৰদৰ্শন, নামঘৰত গায়ন বায়নৰ লগতে হৰিনামৰ অমিয়া ধ্বনি , বিবাহ অনুষ্ঠান, জোনবিল মেলা, ঐতিহাসিক ৰংঘৰ আৰু চহা জীৱনৰে সম্পৃক্ত বিভিন্ন প্ৰাত্যহিক কৰ্মৰ প্ৰতীকী প্ৰদৰ্শন কৰি এক অতুল্য মাদকতা প্ৰদান কৰে দৰ্শকক । ঘিলামৰা নৰ্থ বেংক মহাবিদ্যালয়ৰ এই ৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহৰ শোভাযাত্ৰাৰ অন্যতম আকৰ্ষণ আছিল মহাবিদ্যালয়খনৰ প্ৰাণ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক , ঢকুৱাখনাৰ প্ৰাতঃ স্মৰণীয় ব্যক্তি, শিক্ষাবিদ সতীশ চন্দ্ৰ গগৈৰ মূৰ্ত প্ৰতীকৰ সাৱলীল প্ৰদৰ্শন । 

৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ
৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ

 

মহাবিদ্যালয়ৰ ইতিহাস বিভাগৰ অধ্যাপক শোভ দাসৰ প্ৰচেষ্টাত মহাবিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ নবাৰুণ গোঁহাইয়ে প্ৰয়াত শিক্ষাবিদ গৰাকীৰ মূৰ্ত প্ৰতীক হৈ সমগ্ৰ ৰাজপথ পৰিভ্ৰমণ কৰি শোভাযাত্ৰাত নতুন মাত্ৰা প্ৰদান কৰি দৰ্শকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হয় । মহাবিদ্যালয়খনৰ  অধ্যক্ষ ,ছাত্ৰ একতা সভা আৰু মুঠ ১৮ বিভাগৰ সকলো শিক্ষাৰ্থী , বিভাগীয় মুৰব্বী আৰু শিক্ষাগুৰু  আৰু কৰ্মচাৰী সকলৰ অংশগ্ৰহনেৰে  শোভাযাত্ৰা জীপাল হৈ পৰা পৰিলক্ষিত হয় । 

৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ
৬৪ সংখ্যক মহাবিদ্যালয় সপ্তাহ

 

ঘিলামৰাৰ ৰাজপথ উদ্বেলিত কৰি উলিওৱা এই সাংস্কৃতিক শোভাযাত্ৰা বিয়লি পুনৰ মহাবিদ্যালয় চৌহদত প্ৰবেশৰ পাছতে সফল সামৰণি মৰা হয় । মহাবিদ্যালয়খনৰ মুৰব্বী গৰাকীৰ অলেখ কুকৃতিয়ে প্ৰতিনিয়ত জ্ঞানৰ মন্দিৰখনলৈ অপযশ কালিমা নমাই অনাৰ বিপৰীতে শিক্ষক শিক্ষাৰ্থী কৰ্মচাৰী সকলৰ আত্মোৎস্বৰ্গী মনোভাব আৰু সদিচ্ছাৰ বাবেই ঘিলামৰাবাসীযে ক্ষণিকৰ বাবে হলেও প্ৰাণৰ অনুষ্ঠানখনকলৈ গৰ্বিত হোৱা পৰিলক্ষিত হয় ।

ghilamara north bank college