/asomiyapratidin/media/media_files/2024/12/05/c2CPsdOojjAdxbhRpYnG.jpg)
ডিজিটেল ডেস্ক : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে গ্ৰহণ কৰা পি এম সূৰ্য ঘৰ মুফট বিজুলী যোজনাৰ অধীনত ১.৪৫ কোটি লোকে পঞ্জীয়ন কৰিছে। ইয়াৰে ৬.৩৪ লাখ লোকৰ ঘৰত এই যোজনাৰ অধীনত সৌৰশক্তি চালিত বিজুলী যোগানৰ বাবে ইনষ্টলেছনৰ কাম সমাপ্ত কৰা হৈছে। সদনত কেন্দ্ৰীয় চৰকাৰে সদৰী কৰিছে এই তথ্য।
২০২৭চনৰ ভিতৰত সমগ্ৰ দেশত ১ কোটি লোকৰ ঘৰত সৌৰশক্তি চালিত বিজুলী উৎপানৰ বাবে ইনষ্টলেছন প্ৰক্ৰিয়া সম্পূৰ্ণ কৰাৰ লক্ষ্য লৈছে চৰকাৰে। ইয়াৰ বাবে বাজেটত ধাৰ্য কৰা হৈছে ৭৫০২১ কোটি টকা।
ৰাষ্ট্ৰীয় প’ৰ্টেলত প্ৰকাশ কৰা তথ্য অনুসৰি ১.৪৫ কোটিৰ পঞ্জীয়ন, ৬.৩৪ লাখ ইনষ্টলেছন সম্পন্ন কৰাৰ লগতে ৩.৬৬ লাখ পৰিয়ালয়ক ইয়াৰ বাবে ৰাজসাহাৰ্য প্ৰদান কৰা হৈছে। তথ্য অনুসৰি এই আঁচনিৰ অধীনত গুজৰাটত সৰ্বাধিক সৌৰশক্তিৰ বাবে ইনষ্টলেছন প্ৰক্ৰিয়া সম্পন্ন কৰা হৈছে।
ৰাজ্যখনত এতিয়ালৈকে ২,৮৬,৫৪৫টা ইনষ্টলেছন সম্পূৰ্ণ হৈছে। তাৰ পাছতে মহাৰাষ্ট্ৰত ১,২৬,৩৪টা ইনষ্টলেছন আৰু উত্তৰ প্ৰদেশত ৫৩,৪২৩টা ইনষ্টলেছন সম্পূৰ্ণ হৈছে। ৰাজ্যসভাত নবীকৰণযোগ্য শক্তি আৰু শক্তি বিভাগৰ ৰাজ্যিক মন্ত্ৰী শ্ৰীপদ নায়কে এই তথ্য সদৰী কৰিছে।